ভাৰত-বাংলাদেশৰ সম্পৰ্ক ক্ৰমাগতভাৱে অৱনতি ঘটিছে। বাংলাদেশত সংখ্যালঘু জনগোষ্ঠীৰ ওপৰত চলি থকা হিংসা বন্ধ কৰিবলৈ ভাৰত চৰকাৰে বাৰে বাৰে অনুৰোধ জনাই আহিছে। কিন্তু বাংলাদেশে নিজৰ কাৰ্যৰ পৰা বিৰত থকা নাই।
এই কাৰণেই বাংলাদেশে অর্থনৈতিক সংকটৰ মাজেৰে দিন পাৰ কৰিছে৷ নিজৰ পৰিস্থিতি উন্নত কৰিবলৈ বাংলাদেশে ৪৩টা সামগ্ৰীৰ VAT বৃদ্ধি কৰিবলগীয়া হৈছে।
বাংলাদেশৰ পৰিস্থিতি কাৰো পৰা লুকাই থকা নাই। ইয়াত অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত VAT লোৱা হৈছে। ইয়াৰ ভিতৰত ঔষধ, গাখীৰৰ গুড়ি, বিস্কুট, ৰস, ফলমূল, চাবোন, মিঠাই, মোবাইল ফোন, ইণ্টাৰনেটৰ সুবিধা, হোটেল আৰু ৰেষ্টুৰেণ্টৰ খাদ্য, বিমান টিকট, চিগাৰেট আৰু ধঁপাত আদি উল্লেখযোগ্য।
এন বি আৰৰ এগৰাকী বিষয়াই কয় যে, আই এম এফে নিৰ্ধাৰণ কৰা চৰ্তসমূহ পূৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ মতে চলিত বিত্তীয় বৰ্ষৰ বাবে ১২ হাজাৰ কোটি টকাৰ অতিৰিক্ত ৰাজহ আহৰণ কৰা হ’ব।
এতিয়া বাংলাদেশত হোটেল আৰু ৰেষ্টুৰেণ্টৰ খাদ্য ব্যয়বহুল হ’ব। ইয়াৰ কাৰণ এতিয়ালৈকে হোটেল আৰু ৰেষ্টুৰেণ্টত ৫ শতাংশ VAT আৰোপ কৰা হৈছিল, কিন্তু এতিয়া ১৫ শতাংশলৈ বৃদ্ধি কৰা হ’ব। ইয়াৰ পিছত হোটেল কৰ্তৃপক্ষৰ ফালৰ পৰাও ৰেট বৃদ্ধি কৰা হ’ব। ইয়াৰ স্পষ্ট অৰ্থ হ’ল- এতিয়া ৰাতিৰ আহাৰো ব্যয়বহুল হ’ব। ইয়াৰ উপৰিও কাপোৰ কিনাটোও ব্যয়বহুল হ’ব।
সুৰাৰ ওপৰত শুল্ক ২০ শতাংশৰ পৰা ৩০ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। আমদানি পৰ্যায়ত ফলৰ ৰসৰ ভেট ২০ শতাংশৰ পৰা ৩০ শতাংশলৈ, ধঁপাতৰ ওপৰত ৬০ শতাংশৰ পৰা ১০০ শতাংশলৈ বৃদ্ধি কৰা হৈছে, ইয়াৰ বাহিৰেও সুমথিৰাৰ ভেট ৩০ৰ পৰা ৪৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে।
ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাৰ্ষিক টাৰ্ণঅভাৰৰ ভিত্তিত টাৰ্ণঅভাৰ টেস্কো আৰোপ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। বৰ্তমান সময়ত টাৰ্ণঅভাৰ টেক্সো তেতিয়াহে দিয়া হয়, যেতিয়া বাৰ্ষিক টাৰ্ণঅভাৰ ৫০ মিলিয়ন টকাৰ পৰা ৩ কোটি টকাৰ ভিতৰত হয়। এই প্ৰস্তাৱটোত সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ওপৰতো টাৰ্ণঅভাৰ টেক্স আৰোপ কৰা হৈছে। যাৰ টাৰ্ণঅভাৰ ৩০ লাখ টকাৰ পৰা ৫০ লাখ টকা।
যদি বাৰ্ষিক ব্যৱসায় ৫০ লাখ টাকাতকৈ অধিক হয়, তেন্তে সেই কোম্পানীয়ে নিৰ্মাণ কৰা সকলো সামগ্ৰীৰ বিক্ৰীৰ ওপৰত ১৫ শতাংশ VAT আৰোপ কৰা হ’ব।