৪ এপ্ৰিলত ৰাজ্যসভাত গৃহীত হোৱা ৱাকফ (সংশোধনী) বিধেয়কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জেডিইউৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় কুমাৰ ঝাই। তেওঁ কয় যে ৰাজ্যসভাত সঁচা অৰ্থত ঐতিহাসিক বিধেয়ক গৃহীত হৈছে।
তেওঁ কয় এই বিধেয়কখন গৃহীত হোৱাৰ পিছতে দৰিদ্ৰ আৰু পসমাদা মুছলমানসকলৰ সুবিধাৰ্থে কাম কৰা হ’ব, বিশেষকৈ যি ধন-সম্পত্তি থাকিব, সেই সকলো ধন দান-বৰঙণিলৈ যাব। সকলো নিৰীক্ষণ সঠিকভাৱে কৰা হ’ব, যি অনিয়ম হৈ আছিল সেয়া সকলো শুধৰণি কৰা হ’ব।
ৰাজ্যসভাত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰজেডিৰ সাংসদ মনোজ ঝাই কয় যে, ৱাকফৰ যাতে কৃষি আইনৰ দৰে দশা নহয়।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে বিহাৰ বিজেপিৰ সভাপতি দিলীপ জয়ছৱালেও ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে, ২০২৪ চনত যেতিয়া ৱাকফ সংশোধনী বিধেয়ক অনা হৈছিল তেতিয়া সেই বিধেয়কখন অধ্যয়নৰ বাবে জেপিচিক সময় দিয়া হৈছিল। কেইজনমান লোকে ৱাকফ দখল কৰিছিল আৰু ইয়াৰ কোনোধৰণৰ ন্যায়িক নিৰীক্ষণ নাছিল। ৱাকফৰ সম্পত্তিৰ এক অসম্পূৰ্ণ জৰীপ কৰা হৈছিল। সকলোৰে হৃদয়ত আছিল যে ৱাকফৰ সম্পত্তি আইনী কাঠামোৰ ভিতৰত থাকিব লাগে। এই দেশত সকলোৰে অধিকাৰ আছে আৰু যদি সকলোৰে অধিকাৰ আছে তেন্তে সকলোৱে এই আইনৰ পৰিসৰৰ ভিতৰত থাকিব লাগে।