হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত চি আই ডিয়ে গঠন কৰি দিয়া এছ আই টিয়ে ক্ষীপ্ৰতাৰে চলাই আছে তদন্ত। ঘটনা সন্দৰ্ভত এই পৰ্যন্ত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰিছে।
তদন্তৰ খাটিৰত বিভিন্ন জনক চি আই ডিৰ কাৰ্যালয়লৈ তলব কৰি সোধা-পোচা অব্যাহত ৰাখিছে এছ আই টিয়ে। তদন্তকাৰী দলে আজি জেৰা চলাব দিল্লীস্থিত সাংবাদিক সাৰস্বত গোস্বামীক। ইয়াৰ উপৰি গুৱাহাটীস্থিত আন কেইবাগৰাকীও সাংবাদিকক জেৰা চলোৱাৰ সম্ভাৱনা আছে।
তদন্ত চলি থকাৰ সমান্তৰালকৈ অসম চৰকাৰে আজি গঠন কৰিব ন্যায়িক আয়োগ। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন হ’বলগীয়া এই আয়োগখনে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ তদাৰক কৰিব।
এতিয়া জানো আহক ন্যায়িক আয়োগৰ নেতৃত্ব লাভ কৰা সৌমিত্ৰ শইকীয়া কোন?
সৌমিত্ৰ শইকীয়া হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। ১৯৬৯ চনৰ ২৫ জুলাইত জন্ম গ্ৰহণ কৰিছিল সৌমিত্ৰ শইকীয়াই। তেওঁ ১৯৯৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত জে বি ল’ কলেজৰ পৰা এলএলবি ডিগ্ৰী গ্ৰহণ কৰিছিল।
ইয়াৰ পিছত ১৯৯৫ চনৰ ২০ ছেপ্তেম্বৰত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিম বাৰ কাউন্সিলত অধিবক্তা হিচাপে ভৰ্তি হোৱাৰ পিছত প্ৰেক্টিছ আৰম্ভ কৰে।
ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই ৰাজহ আৰু কৰ বিষয়, শ্ৰম আৰু সেৱাৰ বিষয়, কৰ্পৰেট আদি বিষয়ত প্ৰেক্টিছ কৰিছিল। কেইবাটাও দেৱানী আৰু অপৰাধমূলক আবেদনতো উচ্চ ন্যায়ালয়ত হাজিৰ হৈছিল।
ইয়াৰ উপৰি ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই অসম চৰকাৰৰ অন্তৰ্গত বিভিন্ন বিভাগ যেনে পি ডব্লিউ ডি, মাধ্যমিক শিক্ষা, বিত্ত আৰু কৰ, কৃষি বিপণন ব’ৰ্ডক প্ৰতিনিধিত্ব কৰাৰ লগতে কিছু বছৰলৈকে তেওঁ এআইছিটিআইত স্থায়ী অধিবক্তা হিচাপে নিযুক্ত আছিল।
ভাৰতীয় আইন প্ৰতিষ্ঠানৰ অসম ছেপ্তাৰৰ সচিব হিচাপেও নিযুক্তি লাভ কৰিছিল ন্যায়াধীশ শইকীয়াই। ২০১৯ চনৰ ২৬ নৱেম্বৰত অতিৰিক্ত ন্যায়াধীশ হিচাপে বিচাৰপীঠলৈ উন্নীত হোৱাৰ পিছত ২০২১ চনৰ ১৩ অক্টোবৰত তেওঁক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।