আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে পেনচিলভেনিয়াত নিৰ্বাচনী সমাৱেশৰ সময়ত ভাষণ দি থকা আক্ৰমণৰ বলি হয় আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।
প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণৰ আঁৰত ইৰাণৰ ষড়যন্ত্ৰ বুলি জানিবলৈ পোৱা গৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে তেওঁৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত উল্লেখ কৰে যে, যদি ইৰাণৰ এই ষড়যন্ত্ৰ সচাঁ বুলি প্ৰমাণিত হয়, তেন্তে আমেৰিকান নেতাসকলে ইৰাণ বিৰুদ্ধে যেন কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। যদি তেওঁলোকে তেনেকুৱা নকৰে, তেনেহলে, সমগ্ৰ বিশ্ব সন্মুখত তেওঁলোকক কাপুৰুষ বুলি গণ্য কৰা হ’ব।
লগতে ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া পোষ্টযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইয়াকো কয় যে, যদিহে ইৰানে তেওঁক হত্যা কৰে, তেন্তে আমেৰিকাই বিশ্ব মানচিত্ৰৰ পৰা ইৰাণক নি:শেষ কৰা উচিত।
খবৰ অনুসৰি, ট্ৰাম্পৰ এক ৰেলীত এজন আক্ৰমণকাৰীয়ে তেওঁৰ ওপৰত গুলীচালনা কৰে। যাৰ ফলত তেওঁ আঘাত প্ৰাপ্ত হয় লগতে এজন লোক নিহত হয় আৰু আহত হয় দুগৰাকীকৈ লোক। অৱশ্যে এই আক্ৰমণত ইৰাণৰ ষড়যন্ত্ৰৰ কোনো নিশ্চত তথ্য প্ৰকাশ পোৱা নাই।
ইফালে ইৰাণেও তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ অস্বীকাৰ কৰিছে।
উল্লেখ্য যে, ইৰাণ আৰু আমেৰিকাৰ মাজত দীৰ্ঘদিন ধৰি সংঘাত চলি আহিছে। ট্ৰাম্পে ২০১৮ চনত ইৰাণ আৰু আমেৰিকাৰ মাজত স্বাক্ষৰিত JCPAO চুক্তি বাতিল কৰি ইৰাণৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল। আমেৰিকাৰ এই নিষেধাজ্ঞাৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছিল ইৰাণৰ অৰ্থনৈতিক অৱস্থা।
উল্লেখ্য যে, ২০২০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোণ আক্ৰমণত ইৰাণৰ কাছিম ছুলেইমানিৰ মৃত্যুৰ পাছত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজৰ দূৰত্ব বৃদ্ধি পাই দূৰত্ব। ছুলেইমানিৰ মৃত্যু সন্দৰ্ভত ট্ৰাম্পৰ বিৰুদ্ধে আন্তৰ্জাতিক আদালতত গোচৰ চলোৱাৰ দাবী তুলিছিল ইৰাণৰ প্ৰয়াত ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰৈইচীয়ে।ইৰাণ চৰকাৰে ছুলেইমানিৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ কেইবাবাৰো ভাবুকি প্ৰদান কৰিছিল।
২০২২ চনৰ জানুৱাৰী মাহত ইৰাণৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিয়ে ট্ৰাম্পৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আদালতত গোচৰ ৰুজু কৰিবলৈ দাবী জনায় আৰু এনে নকৰিলে ট্ৰাম্প আৰু তেওঁৰ প্ৰশাসনৰ সদস্যসকলৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰো হুংকাৰ দিয়ে। যাৰ বাবে এই আক্ৰমণ সন্দৰ্ভত ইৰাণৰ ষড়যন্ত্ৰ বুলি সন্দেহ কৰা হৈছে।
ইফালে, এই আক্ৰমণ সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেত্যায়াহুয়ে শ্বেয়াৰ কৰা এক বাৰ্তাৰ পিছতেই ট্ৰাম্পে ইৰাণলৈ ভাবুকি দি কয় যে, আক্ৰমণৰ আঁৰত ইৰাণ জড়িত থকা বুলি প্ৰমাণিত হলেই লোৱা হ’ব এক্সন।অৱশ্যে ট্ৰাপৰ ওপৰত চলা আক্ৰমণত সঁচাকৈ ইৰাণ জড়িত হয় নে নহয় সেয়া এতিয়াও নিশ্চিত হোৱা নাই।