বিজ্ঞানীসকলৰ গৱেষণা অনুসৰি সূৰ্যই ইয়াৰ অৰ্ধ জীৱনকাল সম্পূৰ্ণ কৰিছে। প্ৰায় ৫ বিলিয়ন বছৰ পাছত ধ্বংস হ’ব সূৰ্য। সূৰ্য অবিহনে পৃথিৱীৰো কোনো অস্তিত্ব নাথাকিব।
সেয়েহে বিজ্ঞানীসকলে এইটোও নিশ্চিত কৰিছে যে, এদিন এই পৃথিৱীখনো ধ্বংস হ’ব। ইয়াপ উপৰিও বিজ্ঞানীসকলৰ নতুন গৱেষণাই আৰু অধিক আচৰিত আৰু ভয়াৱহ তথ্য প্ৰকাশ কৰিছে। বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে, লাহে লাহে বিশ্বব্ৰহ্মাণ্ড ধ্বংস হৈ আহিছে।
কলম্বিয়াৰ ইউনিভাৰ্চিডাড ইচিচিআইৰ প্ৰাক্তন সদস্য লুজ এঞ্জেলা গাৰ্চিয়াই এই সন্দৰ্ভত এক তথ্য প্ৰকাশ কৰিছে। তেওঁৰ এই দাবীটো বিজ্ঞানীৰ এটা দলৰ তথ্যৰ ওপৰত আধাৰিত। যিটো এটা ডাৰ্ক এনাৰ্জি স্পেক্ট্ৰোস্কোপিক সঁজুলি ব্যৱহাৰ কৰি সংগ্ৰহ কৰা হৈছিল। এই তথ্যৰ জৰিয়তে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ এক গভীৰ মানচিত্ৰ সৃষ্টি কৰিছিল। এই মানচিত্ৰৰ জৰিয়তে এঞ্জেলা গাৰ্চিয়াই নিশ্চিত কৰিছিল যে, সময়ৰ লগে লগে বিশ্বব্ৰহ্মাণ্ডৰ অন্ধকাৰ শক্তি হ্ৰাস পাইছে।
বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ অস্তিত্ব সম্পৰ্কে প্ৰকাশ কৰা এই প্ৰতিবেদনটো অতি আচৰিত। তেওঁলোকে কৈছে যে, অন্ধকাৰ শক্তিৰ নিৰন্তৰ দুৰ্বলতাৰ বাবে বিশ্বব্ৰহ্মাণ্ডত এক ডাঙৰ সংকট দেখা দিছে। যি সমাপ্ত হ’ব কেৱল ইয়াৰ ধ্বংসৰ সৈতেহে।
ডাৰ্ক এনাৰ্জি স্পেক্ট্ৰোস্কোপিক সঁজুলিৰ তথ্য অধ্যয়নৰ ওপৰত আধাৰিত কৰি, ইচিচিআইৰ সহ বিজ্ঞানী আৰু ডিইএছআই দলৰ প্ৰাক্তন সদস্য লুজ এঞ্জেলা গাৰ্চিয়া পেনালোজাই নিশ্চিত কৰিছে যে, সময়ৰ লগে লগে বিশ্বব্ৰহ্মাণ্ডৰ অন্ধকাৰ শক্তিৰ প্ৰভাৱ হ্ৰাস পাইছে। Space.com সৈতে হোৱা বাৰ্তালাপত গাৰ্চিয়া পেনালোজাই কৈছে যে, এদিন এই বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণ বন্ধ হ’ব আৰু ই মাধ্যাকৰ্ষণৰ প্ৰভাৱত আহিবলৈ আৰম্ভ কৰিব। যাৰফলত ইয়াৰ সমাপ্তি ঘটিব।
পেনচিলভেনিয়া ষ্টেট ইউনিভাৰ্চিটিৰ মাৰ্টিন বোজোৱাল্ডে কৈছে যে, আৰম্ভণিতে ভয় কৰাৰ কোনো প্ৰয়োজন নাই। বৰ্তমানৰ বাবে বিশ্বব্ৰহ্মাণ্ডৰ অন্ধকাৰ শক্তি ক্ৰমান্বয়ে হ্ৰাস হ’ব আৰু ইয়াৰ ঘনত্ব বৃদ্ধি হৈ থাকিব। অৱশ্যে কেইবাশ বছৰৰ পাছত ইয়াৰ ঘনত্ব যথেষ্ট বৃদ্ধি পাব আৰু তেতিয়া ই লাহে লাহে ধ্বংসৰ দিশলৈ গতি কৰিব।