ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন মেচত ভাৰতীয় দলৰ অপেনাৰ বেটাৰ যশস্বী জয়ছৱালে দৰ্শনীয় শতকীয় ইনিংছ খেলে। এই শতকীয় ইনিংছৰ জৰিয়তে তেওঁ এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হয়।
মাত্ৰ ২৩ বছৰ বয়সত টেষ্ট ক্ৰিকেটত সৰ্বাধিক সংখ্যক শতক অৰ্জন কৰা বিশ্বৰ দ্বিতীয়গৰাকী বেটাৰত পৰিণত হয় জয়ছৱাল। টেষ্ট ক্ৰিকেটত তেওঁ এতিয়ালৈকে অৰ্জন কৰিছে ৭টা শতক।
এই ক্ষেত্ৰত প্ৰথম স্থানত আছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। ২৩ বছৰ বয়সলৈকে শচীনে টেষ্ট ক্ৰিকেটত অৰ্জন কৰিছিল ১১টা শতক। শচীনে টেষ্ট ক্ৰিকেটত অভিষেক ঘটোৱাৰ ৮ বছৰ পিছত এই অভিলেখ গঢ়াৰ বিপৰীতে জয়ছৱালে অভিষেকৰ মাত্ৰ ২ বছৰৰ ভিতৰতে এই কৃতিত্ব গঢ়ে।
ইফালে শচীনে ২৩ বছৰ বয়সত ১১টা শতক অৰ্জন কৰাৰ বাবে ৮০টা ইনিংছ খেলিছিল। আনহাতে জয়ছৱালে ৪৮টা ইনিংছতেই ৭টা শতক অৰ্জন কৰে।
আজিৰ পৰা দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত আৰম্ভ হোৱা দ্বিতীয়খন টেষ্টত জয়ছৱালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৩০০০ ৰানো সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়। কেৱল এয়াই নহয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক দ্ৰুত গতিত ৩০০০ ৰান সম্পূৰ্ণ কৰা তেওঁ দ্বিতীয়গৰাকী ভাৰতীয়ত পৰিণত হয়।
জয়ছৱালে ৭১টা ইনিংছত ৩০০০ ৰান সম্পূৰ্ণ কৰাৰ বিপৰীতে ভাৰতৰ কিম্বদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে ৬৯টা ইনিংছত ৩০০০ ৰান সম্পূৰ্ণ কৰিছিল।
দ্বিতীয় টেষ্টৰ সংক্ষিপ্ত স্ক’ৰ
ভাৰত- প্ৰথম ইনিংছ- ৩১৮/২
যশস্বী জয়ছৱাল*- ১৭৩
শুভমন গিল*- ২০