ঋতুৰ পৰিৱৰ্তনে আমাৰ শৰীৰ আৰু মন উভয়তে গভীৰ প্ৰভাৱ পেলায়। শীতকালৰ পৰা গ্ৰীষ্মকাললৈ শৰীৰক নতুন ঋতুৰ লগত খাপ খুৱাবলৈ যোগাসন এক উত্তম বিকল্প।
যোগাসনে কেৱল শাৰীৰিক স্বাস্থ্য বজাই ৰখাই নহয়, মানসিক ভাৰসাম্য আৰু শক্তিৰ মাত্ৰাও বৃদ্ধি কৰে। এনে পৰিস্থিতিত ঋতুভিত্তিক সংক্ৰমণৰ পৰা হাত সাৰিবলৈ আৰু সুস্থ হৈ থাকিবলৈ প্ৰতিৰোধৰ বাবে ৫টা যোগাসনৰ ভংগীমা হ’ল-
- সূৰ্য্য নমস্কাৰ
সূৰ্য্য নমস্কাৰে শৰীৰত উষ্ণতা বজাই ৰাখে আৰু লগতে শক্তিৰ মাত্ৰাও বৃদ্ধি কৰে। এইটো ১৩টা আসনৰ চক্ৰ, যাৰ ফলত শৰীৰৰ সকলো অংগ সক্ৰিয় হয়। সূৰ্য্য নমস্কাৰ কৰিলে ৰক্ত সঞ্চালন উন্নত হয়, পাচনতন্ত্ৰ শক্তিশালী হয় আৰু শৰীৰ নমনীয় হয়। ইয়াৰ উপৰিও ই মানসিক চাপ কমোৱা আৰু মনক শান্ত কৰাতো সহায় কৰে।
- ভুজংগাসন
ভূজংগাসনে হাওঁফাওঁ চলাচলাত সহায় কৰে, যি শীতকালৰ পিছত গ্ৰীষ্মকালত বিশেষভাৱে উপকাৰী। এই আসনে মেৰুদণ্ড শক্তিশালী কৰে আৰু পেটৰ অংগ সক্ৰিয় কৰে। নিয়মিতভাৱে ভুজংগাসন কৰিলে শ্বাস-প্ৰশ্বাস তন্ত্ৰ শক্তিশালী হয় আৰু শৰীৰৰ শক্তিও বৃদ্ধি পায়।
- বৃক্ষাসন
ভাৰসাম্য আৰু মনোযোগ বৃদ্ধিৰ বাবে বৃক্ষাসন উত্তম। এই আসনে ভৰি আৰু গোৰোহা মজবুত কৰি মনক শান্ত কৰে। বতৰ পৰিৱৰ্তনৰ সময়ত শৰীৰক সুস্থিৰ কৰি ৰখা আৰু মানসিক স্থিৰতা লাভৰ বাবে এই আসন অতি উপকাৰী। ইয়াৰ উপৰিও এই আসনে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।
- ত্ৰিকোনাসন
ত্ৰিকোনাসনে শৰীৰৰ কোষবোৰ মুকলি কৰি মেৰুদণ্ডক নমনীয় কৰি তোলে। এই আসনে পাচনতন্ত্ৰ উন্নত কৰাৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। ইয়াৰ উপৰিও এই আসনে ভৰি, কঁকাল আৰু কান্ধ শক্তিশালী কৰাৰ লগতে শৰীৰত ৰক্ত সঞ্চালন উন্নত কৰে।
- শৱাসন
যোগাভ্যাসৰ সময়ত শেষত শৱাসন কৰা হয়, যাৰ ফলত শৰীৰ আৰু মন সম্পূৰ্ণৰূপে শিথিল হয়। এই আসনে মানসিক চাপ আৰু উদ্বেগ কমোৱাত সহায় কৰে আৰু শৰীৰক শক্তি প্ৰদান কৰে। শৰীৰক শিথিল কৰাৰ বাবে আৰু বতৰ পৰিৱৰ্তনৰ সময়ত মানসিক শান্তিৰ বাবে শৱাসন অতি উপকাৰী।