উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীক ডাঙৰ উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছে। যোগী চৰকাৰে ঘোষণা কৰিছে যে দীপাৱলী উপলক্ষে পূৰ্ণকালীন অৰাজপত্ৰিত ৰাজ্যিক কৰ্মচাৰী, ৰাজ্যিক পুঁজিৰ অধীনৰ শিক্ষা আৰু কাৰিকৰী শিক্ষানুষ্ঠানৰ কৰ্মচাৰী, স্থানীয় নিকায়, জিলা পঞ্চায়ত আৰু চৰকাৰী বিভাগৰ দায়িত্বত থকা প্ৰতিষ্ঠান আৰু দৈনিক মজুৰি পোৱা কৰ্মচাৰীসকলক বানচ প্ৰদান কৰা হ’ব।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে এটা পোষ্টত এই ঘোষণা কৰে।
উল্লেখ্য যে, দীপাৱলীৰ পূৰ্বে যোৱা সপ্তাহত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ অনুমোদন জনাইছে।
এই নতুন নিৰিখ কাৰ্যকৰী হ’ব এই বৰ্ষৰ ১ জুলাই পৰা। অৰ্থাত জুলাই, আগষ্ট আৰু ছেপ্তেম্বৰৰ বকেয়া ধনো একেলগে লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে।