উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত বুধবাৰে পুৱতি নিশা সংঘটিত ভয়ংকৰ পদপিষ্টৰ ঘটনাত ৩০ গৰাকী ভক্তই মৃত্যুক সাৱটি লৈছিল। শেহতীয়াকৈ এই তথ্য প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। এই কৰুণ ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তিনিটা ডাঙৰ মন্তব্য কৰিছে।
প্ৰথমতে তেওঁ মৃতকৰ আত্মীয় তথা পৰিয়াললৈ ২৫ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ উপৰি এখন ন্যায়িক সমিতি গঠনৰ কথাও ঘোষণা কৰে। ৩ জনীয়া সদস্যৰে গঠিত সমিতিখনে এই ঘটনাৰ ন্যায়িক তদন্ত কৰিব।
ইফালে তৃতীয়টো ঘোষণা অনুসৰি, মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ প্ৰধান সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক ঘটনাস্থললৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰে।
মহাকুম্ভত হোৱা পদপিষ্ট ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ হৈ ২৫ লাখ টকাকৈ আৰ্থিক সাহায্যও আমি ঘোষণা কৰিছো। ন্যায়িক আয়োগে সমগ্ৰ বিষয়টোৰ তদন্ত কৰি সময়সীমাৰ ভিতৰত ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিব। এই সন্দৰ্ভত মুখ্য সচিব আৰু ডিজিপি নিজেই এবাৰ প্ৰয়াগৰাজ ভ্ৰমণ কৰিব আৰু প্ৰয়োজন হ’লে সেই সকলোবোৰ বিষয় চোৱাচিতা কৰিব।’
উল্লেখ্য যে, বুধবাৰে পুৱতি নিশা প্ৰায় ১ বজাত সংঘটিত পদপিষ্টৰ ঘটনাটোত এতিয়ালৈকে ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬০ গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে।