জোনবাইৰ দেশলৈ গুচি গ’ল জুবিন গাৰ্গ। অগ্নিক সাক্ষী কৰি সুখে-দুখে সকলো সময়তে একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়া জুবিন আজি নাই গৰীমাৰ কাষত।
হাজাৰ ধুমুহা বুকুত বান্ধি প্ৰিয়জনৰ নশ্বৰদেহৰ কাষত বহি একেথৰে অনুৰাগীলৈ চাই আছে গৰিমা শইকীয়া গাৰ্গ। মৰমৰ জুবিনক আজি কান্দি কান্দি ভাগৰি পৰিছে জুবিনৰ সহধৰ্মিনী। ক্ষণিকৰ ভিতৰতে নিজ পদূলিত প্ৰৱেশ কৰিব জুবিনৰ নিথৰ দেহ। আজি জুবিনৰ লাখ লাখ অনুৰাগীয়ে কেৱল কান্দিছে আৰু কান্দিছে। মায়াৱিনী গীত গাই জুবিনক জনাইছে কেৱল শ্ৰদ্ধাঞ্জলি। এই মৃত্যু কাৰো কাম্য নহয়।
জুবিন গাৰ্গক শেষবাৰৰ বাবে চাবলৈ ৰাজপথত উঠিছে জনসমুদ্ৰৰ জোৱাৰ। কাহিলীপাৰাৰ দিশে আহিছে মৰমৰ শিল্পীজন। হাঁহিমূখে ঘৰৰ পৰা ওলাই যোৱা জুবিন আজি নিথৰ হৈ ঘৰলৈ উভতিছে।










