অসমীয়াক চিৰদিনলৈ বিদায় জনাই অচিন দেশলৈ গ’লগৈ মৰমৰ জুবিন। সৰুসজাইত আজি মাথোঁ বাজিছে জুবিনৰ গান। অশ্ৰু নিগৰাই অন্তিম বাৰলৈ প্ৰিয় শিল্পীগৰাকীৰ নিঠৰ দেহটো চাই সান্তনা লৈছে অনুৰাগীয়ে।
সোণাপুৰৰ কমাৰকুছিত হ’ব জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। কাইলৈ পুৱা ৭-৮ বজাৰ ভিতৰত সৰুসজাইৰ পৰা সোণাপুৰলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰদেহ । ৰাজ্যিক মৰ্যাদাৰ কৰা হ’ব জুবিনৰ শেষকৃত্য। তাৰ পিছত আৰু কেতিয়াও অসমীয়াই দেখা নাপাব জুবিন গাৰ্গ।
কাইলৈ ২ বজালৈ গুৱাহাটীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ থাকিব যান-বাহনৰ চলাচল। কাইলৈ অসমত বন্ধ থাকিব বিদ্যালয়-মহাবিদ্যালয়, বিশ্ববিদ্যালয় সকলো। মহানগৰীত কাইলৈ চৰকাৰী কাৰ্যালয়ো বন্ধ থাকিব। এই কথা জনালে মুখ্যমন্ত্ৰীয়ে।











