অসম–অসমীয়াৰ বুকুত আজি হৃদয় পুৰি নিয়া একুৰা জুই। সোণাপুৰৰ কমাৰকুছিত আজি অন্তিম শয়নত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। কমাৰকুছিৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত উঠিছে কান্দোনৰ ৰোল। যেন প্ৰত্যেকজন অসমীয়াৰ বুকু জ্বলিছে।
মৰমৰ জুবিন দা গ’লগৈ। লগত লৈ প্ৰতিগৰাকী অসমীয়াৰ মৰম, আবেগ, মৰম, শ্ৰদ্ধা। ধোৱা হৈ উৰি গৈছে সকলোৰে হিয়াৰ আপোন জুবিন। এয়াই যেন শেষ। বুকু ঢকিয়াই কান্দিলেও ঘুৰি নাহে আমাৰ জুবিন দা। পিছে অসমবাসীৰ মৰমলৈ সন্মান জনাই জুবিন গাৰ্গে আমাক দি গল হাজাৰ হাজাৰ গীতৰ উপহাৰ। লগতে শিকাই গল মানুহক কিদৰে ভাল পাব পাৰি, মানুহক কিদৰে মানুহ বুলি ভাবিব পাৰি।
জুবিন দা আমাৰ প্ৰাণৰ শিল্পী। কায়িকভাৱে নাথাকিলেও প্ৰতিগৰাকী বুকুত সদায় জীয়াই থাকিব জুবিন গাৰ্গ।











