মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক্সন আৰম্ভ। শ্যামকানু মহন্তৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক্সন।
শ্যামকানু মহন্তৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমত এতিয়াৰে অনুষ্ঠিত নহ’ব শ্যামকানু মহন্তৰ কোনো অনুষ্ঠান। ৰাজ্যত শ্যামকানু মহন্তই পাতিব নোৱাৰিব কোনো অনুষ্ঠান।
টুইটযোগে মুখ্যমন্ত্ৰীয়ে এই ডাঙৰ ঘোষণা কৰে। অসমত নিষিদ্ধ হ’ল শ্যামকানু মহন্তৰ সকলো অনুষ্ঠান। লগতে শ্যামকানু মহন্তৰ অনুষ্ঠানলৈ ৰাজ্য চৰকাৰে কোনো অনুদানো নিদিয়ে বুলি জানিবলৈ দিয়ে। ইয়াৰোপৰি শ্যামকানু জড়িত থকা বিজ্ঞাপন, স্পনচৰশ্বীপতো নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাজ্য চৰকাৰে শ্যামকানু মহন্তৰ NGOক কোনো ধনো নিদিয়ে বুলি কয়।
কেন্দ্ৰীয় চৰকাৰকো শ্যামকানু মহন্তৰ অনুষ্ঠানত অনুদান নিদিবলৈ আহ্বান জনাব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে কৈছে- ‘ৰাজ্য চৰকাৰে শ্ৰীশ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পৰ্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি, ৰাজ্য চৰকাৰেও শ্ৰী মহন্তৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো অনুষ্ঠানৰ সৈতে জড়িত কোনো অনুষ্ঠানলৈ কোনো ধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্ৰদান নকৰে। লগতে ৰাজ্য চৰকাৰে তেওঁক কোনো ধৰণৰ আৰ্থিক সাহায্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ ভাৰত চৰকাৰকো অনুৰোধ জনাব’।










