জুবিন গাৰ্গ আৰু নাই। জনপ্ৰিয় শিল্পীগৰাকীৰ আকস্মিক বিয়োগত শোকত ভাঙি পৰিছে অজস্ৰ গুণমুগ্ধ। অনামিকাৰ পৰা আৰম্ভ হোৱা ছিংগাপুৰত অন্ত পৰে গানৰ ঈশ্বৰৰ সুৰীয়া যাত্ৰা ।
জুবিন গাৰ্গ অসমীয়াৰ আবেগ। এক অকল্পনীয় ঘটনা। নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰি গল সমগ্ৰ অসমবাসী। শোকত ভাঙি পৰিছে জুবিনৰ পৰিয়ালৰ লগতে সমগ্ৰ।
জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসভৱনত ১৯ ছেপ্তেম্বৰৰ নিশা একাংশ জুবিন অনুৰাগীয়ে ভিৰ কৰিছে লগতে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গকো সান্তনা দিছে সকলোৱে। নিশা পত্নীসহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো উপস্থিত হয় জুবিনৰ বাসগৃহত।
আজি অসমলৈ অনাৰ সম্ভাৱনা জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। ছিংগাপুৰৰ পৰা দিল্লী হৈ অসমলৈ অনাৰ সম্ভাৱনা জুবিনৰ নিথৰ দেহ। আজি নিশাৰ ভাগত গুৱাহাটীলৈ অনাৰ সম্ভাৱনা জুবিন গাৰ্গৰ নশ্বৰদেহ। সৰুসজাইত ৰখা হ’ব জুবিনৰ নশ্বৰদেহ। জুবিন গাৰ্গৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ এই ঘোষণা। হিয়াৰ আমঠু জুবিন গাৰ্গক শেষবাৰৰ বাবে সৰুসজাই ষ্টেডিয়ামত চাব পাৰিব অনুৰাগীয়ে। সাধাৰণ ৰাইজেও জুবিন গাৰ্গক জনাব পাৰিব শ্ৰদ্ধাঞ্জলি।










