পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ১০৯ সংখ্যক জন্মজয়ন্তী উপলক্ষে আজি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় জন্মজয়ন্তী অনুষ্ঠান। এই অনুষ্ঠানৰ পূৰ্বে অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গলৈ জনোৱা হয় বিশেষ শ্ৰদ্ধাঞ্জলি। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এক ডাঙৰ ঘোষণা কৰে।
এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কয় যে, আদালতক সন্তুষ্ট কৰিব পৰাকৈ SIT এ কাম কৰিব লাগিব। SITৰ তদন্তত সন্তুষ্ট নহ’লে হস্তান্তৰ কৰা হ’ব এই গোচৰ। এটা প্ৰক্ৰিয়াৰ মাজেৰে ন্যায় হ’ব। আদালতক সন্তুষ্ট কৰিব পৰাকৈ SITয়ে কাম কৰিব লাগিব। কাৰণ তাৎক্ষণিক ন্যায় বিচাৰিলে আমি সকলোৱে আদালতত বিফল হোৱাৰ সম্ভাৱনা আছে। আকৌ SIT ৰ কাম-কাজত যদি অসমৰ ৰাইজ সন্তুষ্ট নহয়, তাৎক্ষণিকভাৱে CBI ক এই তদন্তৰ দ্বায়িত্ব অৰ্পন কৰিব বুলি জানিবলৈ দিয়ে।
লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, জুবিন গাৰ্গৰ ৰয়েলটি, কপি ৰাইট অথবা সম্পত্তি সম্পৰ্কে গৰিমা শইকীয়া গাৰ্গে বৰ্তমানলৈ একো উল্লেখ কৰা নাই। তেওঁ কিবা ক’লেই মুখ্যমন্ত্ৰীয়ে তদন্ত আৰম্ভ কৰিব বুলি জনায়
লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, ১০-১৫ দিনৰ ভিতৰতেই সকলো তথ্য পোহৰলৈ আহিব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত তন্নতন্নকৈ কৰা হ’ব। SIT আৰু ৰাজ্য চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিবলৈ কয় সকলোকে। তেওঁ কয় যে, য়টত থকা ১৫ জন লোককেই তদন্ত কৰা হ’ব।










