বৰ্তমান সময়ত এক চাঞ্চল্যকৰ খবৰ পোৱা গৈছে। জুবিন গাৰ্গৰ মৃত্যু গোচৰত শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে। জালুকবাৰীস্থিত ঘৰত তদন্ত চলাইছিল আৰক্ষীৰ দলে। ছিংগাপুৰত জুবিন গাৰ্গৰ লগত একেলগে গৈছিল শেখৰজ্যোতি গোস্বামী। SITয়ে গাড়ীগাঁৱৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতিক।
ইফালে আকৌ শ্যামকানু মহন্তৰ বাসগৃহতো উপস্থিত হৈছে SITৰ দল। ৰোজী কলিতাৰ নেতৃত্বত শ্যামকানু মহন্তৰ গীতানগৰৰ বাসগৃহত অভিযান চলাই SITৰ দলে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা আত্মগোপন কৰি আছে এইজন বেপাৰী শ্যামকানু। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক হয় শ্যামকানু মহন্ত।
ইতিমধ্যে বৰঝাৰ বিমান বন্দৰত লুকাই থকাৰ খবৰ পোৱা গৈছে বিতৰ্কিত শ্যামকানু মহন্ত। কিছুসময়ৰ পিছতেই এই শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। গুৱাহাটী বিমান বন্দৰৰ বিশ্ৰাম কক্ষত শ্যামকানু লুকাই থকাৰ খবৰ পোৱা গৈছে।
আকৌ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত CIDৰ দলে মহানগৰীৰ গীতানগৰৰ বাসগৃহত উপস্থিত হৈছে। সিদ্ধাৰ্থ শৰ্মাক বিচাৰি CIDয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে।










