জুবিন অনুৰাগীৰ বাবে এক ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্তসকলৰ গোচৰ নলয় অসমৰ কোনো অধিবক্তাই।
সদৌ অসম উকীল সন্থাৰ এক ডাঙৰ সিদ্ধান্ত। হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্তসকলৰ গোচৰ নলয় কোনো অধিবক্তাই। এই কঠোৰ সিদ্ধান্ত লৈছে সদৌ অসম উকিল সন্থাই। লগতে অসমৰ সকলো অধিবক্তাকে অভিযুক্তসকলৰ হৈ ওকালতি নকৰিবলৈ আহ্বান জনায়।
লগতে সদৌ অসম উকীল সন্থাই কয় যে, অভিযুক্তৰ সপক্ষে বিবেকক প্ৰশ্ন নকৰাকৈ থিয় দিয়াটো এক ডাঙৰ ভুল হ’ব। সঠিক তদন্তৰ বাবে সুস্থ পৰিৱেশ তথা সামাজিক দায়বদ্ধতা বজাই ৰাখিবলৈ আহ্বান জনায় সকলোকে।










