আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ১১ দিন। জুবিনবিহীন ১১টা দিন পাৰ কৰিলে ৰাজ্যবাসীয়ে। কাহিলিপাৰাৰ বাসগৃহত আজি শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধৰ কাম-কাজ সম্পন্ন কৰা হয়।
আদ্যশ্ৰাদ্ধৰ দিনাই বিস্ফোৰক মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে। তেওঁ কয়, ‘য়টত থকা প্ৰত্যেকজনেই জুবিনৰ মৃত্যুৰ বাবে দায়ী’। ‘তেওঁক পানীৰ পৰা আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল’। ‘সেইখিনি কিয় নকৰিলে মই বুজি পোৱা নাই’। ‘মোৰ বহু প্ৰশ্ন আছে, এই প্ৰশ্নসমূহৰ উত্তৰ মই বিচাৰিছোঁ’। এই বুলি কৈ জুবিন গাৰ্গৰ মৃত্যুৰ বাবে য়টত থকা প্ৰত্যেকজনেই জুবিনৰ মৃত্যুৰ বাবে দায়ী বুলি পত্নী গৰিমা শইকীয়া গাৰ্গে।
লগতে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামীকো জগৰীয়া কৰিলে গৰিমা গাৰ্গে। তেওঁ কয় যে, ভাগৰুৱা জুবিন গাৰ্গক সাগৰত নামিবলৈ বাধা দিব লাগিছিল সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামীয়ে। কিন্তু এনে নকৰি ভাগৰুৱা জুবিনক কিয় সাগৰত নামিবলৈ দিলে সিদ্ধাৰ্থ- শেখৰে এইক্ষেত্ৰত বহু প্ৰশ্ন উত্থাপন হৈছে। লগতে গৰিমা গাৰ্গে কয় যে, শেষ মুহূৰ্ততো সামান্যতমো চিকিৎসা পোৱা নাছিল জুবিন গাৰ্গে। জুবিন গাৰ্গৰ প্ৰকৃততে কি হৈছিল সেয়া তেওঁ জানিবলৈ বিচাৰে।
আকৌ বেপাৰী শ্যামকানু মহন্ত সন্দৰ্ভত কয় যে, তেওঁ জুবিনৰ বাবে যে কিবা বিশেষ ব্যৱস্থা কৰিছিল এইক্ষেত্ৰত সন্দেহ আছে গৰিমাৰ। ইয়াৰোপৰি তেওঁ কয় যে, শ্যামকানু মহন্তই ছিংগাপুৰলৈ নি কোনোধৰণৰ যত্ন লোৱা নাছিল জুবিন গাৰ্গৰ। কোনোধৰণৰ সা-সুবিধা তথা স্বাস্থ্য সুবিধা অবিহনে ছিংগাপুৰলৈ লৈ গৈছিল জুবিন গাৰ্গক। ছিংগাপুৰ পুলিচেও ঘটনা সন্দৰ্ভত যোগাযোগ কৰিছে বুলি মন্তব্য গৰিমা গাৰ্গৰ। এইদৰেই জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে।










