জুবিন গাৰ্গৰ মৃত্য সন্দৰ্ভত বহু তথ্য পাইছে SIT-এ । এই সন্দৰ্ভত DGP হৰমিত সিঙে কৰিছে এক ডাঙৰ মন্তব্য।
তেওঁ কয় যে, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত SIT-এ লাভ কৰিছে বহু তথ্য। কিন্তু এই তথ্যবোৰ এতিয়া ৰাজহুৱা কৰাৰ সময় নহয়। সকলো তথ্য আদালতত দাখিল কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। অৱশ্য এই তথ্য ৰাজহুৱা কৰাটো আইনবিৰুদ্ধ বুলি তেওঁ উল্লেখ কৰে।
তেওঁ কয়, ‘জুবিনক আমি ন্যায় দিমেই। শ্যামকানু, সিদ্ধাৰ্থ অসমলৈ আহিবই লাগিব।অসম আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখক, উৰাবাতৰিত বিশ্বাস নকৰিব। অসম আৰক্ষীৰ এটা দল মঙলবাৰে ছিংগাপুৰলৈ যাব। জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত কিবা তথ্য থাকিলে আৰক্ষীক জনাওঁক।’
এইদৰে জুবিন গাৰ্গৰ ঘটনাক লৈ DGP হৰমিত সিঙে ডাঙৰ মন্তব্য কৰে।










