জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ইতিমধ্যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। দিল্লীৰ বিমান বন্দৰৰ এই শ্যামকানু মহন্ত নামৰ বেপাৰীটোক গ্ৰেপ্তাৰ কৰা হৈছে। নিশা ১২ বাজি ৩০ মিনিটত দিল্লী বিমান বন্দৰত গ্ৰেপ্তাৰ কৰা হৈছিল শ্যামকানুক।
আকৌ গুৰগাঁৱত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। দুয়োকে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লৈ আনিছে গুৱাহাটীলৈ। কটকটীয়া নিৰাপত্তাৰ মাজেৰে বৰঝাৰ বিমান বন্দৰৰ পৰা লৈ অনা হৈছে।
দুয়োজনকে উলুবাৰীৰ CID কাৰ্যালয় লৈ অনা হৈছে। মাৰাথন জেৰাৰ সন্মুখীন হ’ব শ্যামকানু আৰু সিদ্ধাৰ্থ। ঘণ্টাৰ পিছত ঘণ্টা জেৰা চলাব দুয়োক। জুবিন সন্দৰ্ভত সকলো কথা ক’ব লাগিব সিদ্ধাৰ্থ আৰু শ্যামকানুৱে।
বিমানবন্দৰৰ পৰা প্ৰথমে CJMৰ ঘৰলৈ নিয়া হৈছিল শ্যামকানু আৰু সিদ্ধাৰ্থক। আজি আদালত বন্ধ বাবে মুখ্য দণ্ডাধীশৰ ঘৰলৈ নিয়া হৈছিল দুয়োকে।
ইয়াৰ পিছতে এতিয়া CID কাৰ্যালয়লৈ লৈ অনা হৈছে দুয়োকে। ১৪ দিনৰ বাবে CIDৰ জিম্মাত ৰখা হ’ব দুয়োকে।










