জুবিন অনুৰাগীৰ আহ্বানত ১৯ ছেপ্তেম্বৰত সমগ্ৰ অসমৰ লগতে গোলাঘাটতো স্বতঃস্ফূৰ্তভাৱে বন্ধ ৰখা হৈছিল। সেই সময়তে জুবিন গাৰ্গক চিনি নাপাও বুলি কৈ আটক হয় গোলাঘাটৰ এইজন যুৱক মোস্তাক আহমেদ।
কিয়নো সেই সময়ত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ সময়তে এই যুৱকজনে নিজৰ দোকান বন্ধ ৰখা নাছিল। যেতিয়া স্থানীয় যুৱক কেইজনমানে মোস্তাক আহমেদকো নিজৰ দোকান বন্ধ কৰিবলৈ কৈছিল।
সেই সময়তে জুবিন গাৰ্গৰ বিষয়ে বেয়াকৈ কৈছিল এই যুৱকজনে। ‘জুবিন গাৰ্গ মৰি গ’ল মই কিয় মোৰ দোকান বন্ধ কৰিম, তুমি মোক দোকান বন্ধ কৰিবলৈ কিয় ক’বা, Who is this person? We don’t know you…’ এইবুলি মন্তব্য কৰিছিল এই যুৱকে।
তাৰ পিছত গোলাঘাট আৰক্ষী থানাত সৃষ্টি হয় অভাৱনীয় পৰিবেশৰ। মোস্তাক আহমেদ নামৰ এই যুৱকজনৰ শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে। অৱশেষত কেমেৰাৰ সন্মুখত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিলে মোস্তাকে।










