চাৰিওফালে কেৱল মানুহ আৰু মানুহ। বাক্সা জিলা কাৰাগাৰলৈ লৈ যোৱা হৈছে সিদ্ধাৰ্থ,-শ্যামকানুসহ ৫ অভিযুক্তক। ইতিমধ্যে কাৰাগাৰৰ সমুখত মোতায়েন কৰা হৈছিল শ শ নিৰাপত্তাৰক্ষী।
ইয়াৰ লগতে বাক্সা জিলা কাৰাগাৰৰ সমুখত হৈছে ভয়ংকৰ প্ৰতিবাদ। শ শ লোকে ঘেৰাও কৰিছে বাক্সাৰ কাৰাগাৰ। সিদ্ধাৰ্থ,শ্যামকানুক কঢ়িয়াই নিয়া বাহনলৈ জুবিন অনুৰাগীয়ে নিক্ষেপ শিলগুটি। জুবিন অনুৰাগীৰ ক্ষোভৰ সন্মুখীন হৈছে- সিদ্ধাৰ্থ-শ্যামকানুসহ ৫ অভিযুক্ত।