জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীয়ে কয়- ‘জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ’ব, তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা’।
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত গোচৰ পঞ্জীয়ন কৰিছে অসম আৰক্ষীয়ে।
এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে। নিৰপেক্ষভাৱে জুবিনৰ মৃত্যু সন্দৰ্ভত তদন্ত কৰা হ’ব বুলি জনাই মুখ্যমন্ত্ৰীয়ে।










