অতি মৰমৰ শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাই এতিয়া শোকস্তব্ধ হৈ পৰিছে প্ৰতিজন অসমীয়া। প্ৰতিগৰাকীয়ে অসমীয়াৰ চকুত আজি চকুলো। প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই উচুপিছে সকলো।
জুবিনক হেৰুৱাই আজি তব্ধ হৈ পৰিছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। জুবিনক হেৰুৱাৰ শোকত ভাগি পৰিছে সকলো। কিন্তু এই সকলোবোৰৰ মাজত এতিয়া যেন সবাতোকৈ বেছি দুখী হৈছে আন এজন ব্যক্তি। তেওঁ হৈছে জুবিনৰ পিতৃ কপিল ঠাকুৰ।
জানিব পৰা মতে, ৮৫ বছৰীয়া জুবিনৰ পিতৃ বৰ্তমান সময়ত গুৱাহাটীত আছে। পুত্ৰ শোকত ভাগি পৰিছে জুবিনৰ পিতৃ। কেৱল এয়াই নহয় জুবিনৰ পিতৃয়ে ইতিমধ্যে নিজৰ কন্যা আৰু পত্নীকো হেৰুৱাইছে। কিন্তু জুবিনৰ পিতৃ বুলি গৌৰৱবোধ কৰা এই ব্যক্তিগৰাকীৰ ওচৰত যেন এতিয়া আৰু একো নাই। জুবিনক লৈ গৌৰৱ কৰিছিল পিতৃয়ে। পিছে আজি উদং পৰিছে এগৰাকী পিতৃৰ হৃদয়










