প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি ওপজা দিন। ঈশ্বৰ পুত্ৰৰ আজি ৫৩ সংখ্যক জন্মদিন। চকুলো টুকি অনুৰাগীয়ে তেওঁলৈ জনাইছে শুভেচ্ছা। জুবিন গাৰ্গৰ অবৰ্তমানত ৰাজ্যবাসীয়ে পালন কৰিছে জন্মদিন।
HAPPY BIRTHDAY ZUBEEN DA, #JusticeForZubeenGarg ধ্বনিৰে অনুৰাগীয়ে স্মৰণ কৰিছে মৰমৰ শিল্পীগৰাকীক। মনৰ মানুহজনৰ ওপজা দিনত তেওঁক সুঁৱৰি আবেগিক হৈ পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ তথা ভগ্নী পাল্মী বৰঠাকুৰ।
কাহিলিপাৰাৰ বাসগৃহতো উপস্থিত হৈছে তেওঁৰ বহু অনুৰাগী। কাহিলীপাৰাৰ বাসগৃহলৈ অনা হৈছে ২০ কিলো ওজনৰ কেক। কাহিলীপাৰাৰ ঘৰত উন্মোচন হ’ব আৱক্ষ মূৰ্তি। ইয়াৰ সমান্তৰালকৈ ৰাজ্যজুৰি গছপুলি ৰোপন কাৰ্যসূচী, ৰক্তদান কাৰ্যসূচী, গীতৰ অনুষ্ঠানেৰে প্ৰিয় শিল্পীগৰাকীক সোঁৱৰণৰ প্ৰস্তুতি চলাই থকা হৈছে।











