কোনোৱেই কাহানিও মানি ল’ব নোখোজা এৰ খবৰ। স্বৰ্গৰথেৰে অসমলৈ আহিছে আমাৰ সকলোৰে মৰমৰ জুবিন। ইতিমধ্যে দিল্লীৰ পৰা উৰা মাৰিছে জুবিনৰ নিথৰ দেহ কঢ়িয়াই অনা বিমান। কিছু সময় পিছতে বৰঝাৰত উপস্থিত হোৱাৰ সম্ভাৱনা জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ।
বৰঝাৰৰ পৰা পোনে পোনে লৈ যোৱা হ’ব কাহিলীপাৰাৰ বাসগৃহলৈ আৰু তাৰ পৰা সৰুসজাই ষ্টেডিয়ামলৈ লৈ অনা হ’ব জুবিনক। শেষ বাৰৰ বাবে এবাৰ সাক্ষাৎ কৰিবলৈ বৰঝাৰ বিমান বন্দৰ, কাহিলীপাৰা জুবিনৰ বাসভৱনৰ লগতে সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈছে হাজাৰ হাজাৰ গুণমুগ্ধ।
কিন্তু অতি দুখজনক যে এইবাৰ জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে বিদেশৰ পৰা ওভতাৰ সময়ত সংগ দিয়াৰ বাবে নহয় একমাত্ৰ অন্তিম মূহুৰ্তৰ সাক্ষী হ’বলৈহে উপস্থিত হ’বলগীয়া হ’ল বৰঝাৰ বিমান বন্দৰত। আজি যেন কফিনৰ ভিতৰতে শুই পৰিছে জুবিনৰ গীত।চিৰনিদ্ৰাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ










