• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘২০০০ চনৰ পৰাই মৃত্যুৰ তাণ্ডৱ চলা আমাৰ ঘৰখনত অলপ থানথিত লাগিছিলহে, তাকো এই অসুৰ বিলাকৰ সহ্য নহ’ল’,গৰিমা শইকীয়া গাৰ্গ

Nation NE by Nation NE
December 31, 2025
in Top News, অসম
0 0
‘২০০০ চনৰ পৰাই মৃত্যুৰ তাণ্ডৱ চলা আমাৰ ঘৰখনত অলপ থানথিত লাগিছিলহে, তাকো এই অসুৰ বিলাকৰ সহ্য নহ’ল’,গৰিমা শইকীয়া গাৰ্গ
Share on FacebookShare on TwitterWhatsApp

‘এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ। যাৰ বাবে আমি আমাৰ মানুহজনক হেৰুৱালোঁ। আমাৰ ঘৰখন, অসমখন থান বান হৈ গ’ল। এই অসুৰ বোৰে পৃথিৱীৰ আটাইতকৈ ভয়ানক শাস্তি পাওক’ সামাজিক মাধ্যমত এই বিস্ফোৰক মন্তব্য কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ।

ৰহস্যৰ আৱৰ্তত জুবিন গাৰ্গৰ মৃত্যু। জুবিন গাৰ্গক হেৰুৱাই বেদনাত দগ্ধ সমগ্ৰ অসমৱাসী। ২০২৫ৰ ১৯ ছেপ্তেম্বৰৰ দিনটোত আমি সকলোৱে হেৰুৱাইছো হিয়াৰ আমঠু হেপাঁহৰ শিল্পী মৰমৰ জুবিন গাৰ্গক। পিছে জুবিন গাৰ্গৰ মৃত্যুৰ লগতে শুনিলেই বুকু কঁপি উঠা এক অসহনীয় শব্দ জড়িত হৈ পৰিছে আৰু সেয়া হৈছে হত্যা। সচাঁকৈয়ে কোনেও কল্পনায়ে কৰিব নোৱাৰে যে জুবিন গাৰ্গকো কোনোবাই হত্যা কৰিব পাৰে।

আদালতত SIT য়ে দাখিল কৰিছে জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বীট।কিন্তু চাৰ্জশ্বীট দাখিল কৰাৰ পিছত একাংশ লোকে জুবিনৰ পৰিয়ালকো সমালোচনা কৰিছিল। আজি পুনৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত দীঘলীয়া পোষ্ট দিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিন নাই বুলি মানি ল’ব পৰা নাই পত্নী গৰিমাই। চাৰ্জশ্বীট সন্দৰ্ভত বহুকেইটা প্ৰশ্ন উত্থাপন কৰিলে গৰিমাই।

জুবিন নাই বুলি আজিও আমি মানি ল’ব পৰা নাই তেওঁৰ পৰিয়ালে। তেওঁ কয় যে, এনেকুৱা এটা অকল্পনীয় আৰু দুৰ্ভাগ্যজনক ঘটনা ঘটে যাৰ পৰিণতিত কেৱল তেওঁলোকৰ ঘৰখনেই থান বান হৈ দুৰ্ভাগ্যৰ এটা দিনতে ৰৈ যোৱা নাই, গোটেই অসমখনৰেই আত্মা যেন স্থবিৰ হৈ পৰিছে। সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য,

‘১)চাৰ্জশ্বীট পঢ়ি আমি জানিব পাৰিছো যে ছিংগাপুৰত জুবিনৰ থকাৰ ব্যৱস্থা লৈ কেইবাদিন আগৰেপৰা খেলি – মেলি আৰু কিবা অভিসন্ধি চলি আছিল। শ্যামকানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা SSD ত ৰুমবুকিংৰ যি লিষ্ট পোৱা হৈছে, তাত উল্লেখ আছে যে প্ৰথমে জুবিনৰ থকাৰ ব্যৱস্থা কৰা হৈছিল জনৈক অনুজ বৰুৱাৰ সৈতে এটা কোঠাত। পিছত ছিংগাপুৰ পোৱাৰ পিছত শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মিলি বেলেগ ব্যৱস্থা কৰে। উল্লেখ আছে, প্ৰথমে কেৱল জুবিনৰ বাবেহে হোটেল পেন পেচিফিকত শ্যামকানু মহন্তৰ ৰুমৰ কাষতে আন এটা ৰুমত জুবিনৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু পিছত আকৌ তিনিটা ৰুম বুক কৰি টীমৰ সকলোৰে থকাৰ ব্যৱস্থা কৰা হয়। আনহাতে সিদ্ধাৰ্থৰ ষ্টেটমেণ্টত কৈছে যে প্ৰথমে জুবিনৰ টীমৰ বাবে ঠিক কৰা হৈছিল হোটেল “The Village” ত কিন্তু ছিংগাপুৰ গৈ পোৱাৰ পিছত শ্যামকানু মহন্তই তাক ফোনতে থকাৰ ব্যৱস্থা হোটেল পেন পেচিফিকতহে কৰা হৈছে বুলি জনায়। যি জন ব্যক্তিক এটা ইমান ডাঙৰ ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাবে নিমন্ত্ৰণ কৰিছিল, আৰু যি জন ব্যক্তি যাব নোৱাৰিলে শ্যামকানু মহন্তই আত্মহত্যা কৰিব বুলিও ভাবুকি দিছিল, ( কেইবাজনৰো সাক্ষ্য প্ৰমাণ অনুসৰি) সেইজন ব্যক্তিৰ থকাৰ ব্যৱস্থা লৈ সিদ্ধান্তৰ ইমান খেলি মেলি কিয়? আৰু জুবিন গাৰ্গৰ ৰুম কোনোবা অনুজ বৰুৱাৰ সৈতে ? কিয়? এই ক্ষেত্ৰত মেনেজাৰ হিচাবে সিদ্ধাৰ্থৰ আৰু আয়োজক হিচাবে শ্যামকানু মহন্তৰ মূল দ্বায়িত্ব আছিল জুবিনৰ বাবে সন্মান সহকাৰে থকাৰ ব্যৱস্থা কৰাৰ । এই সকলোবোৰ অসমৰ পৰা ওলোৱাৰ আগতেই সিদ্ধান্ত হ’ব লাগিছিল ।

২)জুবিন গাৰ্গে অসমতেই হওঁক, দেশৰ আন কোনো ঠাইতেই হওঁক অথবা বিদেশতো কেতিয়াও হোটেলৰ ৰুম বা হোটেলৰ ৰেজিষ্টাৰ কাৰ নামত কেনেকৈ বুক কৰা হৈছে কেতিয়াও check নকৰে । সদায় তেওঁৰ মেনেজাৰ অথবা আয়োজকেই check in ৰ কামবোৰ কৰে । গতিকে হোটেলৰ ৰুম কাৰ নামত বুক কৰা হৈছিল বা ৰেজিষ্টাৰত কাৰ নাম আছিল সেই বিষয়ে নিঃসন্দেহে জুবিনে জনা নাছিল । এই কথাবোৰত নিশ্চয় কু অভিসন্ধিয়ে আছিল। হোটেলৰ এটা ৰুমৰ বুকিং লৈ ইমান ঘটনা ! ইমানবোৰ খেলি – মেলি ! ইয়াৰ অন্তৰালত যে বেয়া কিবা মনোভাৱ আছিল , কিবা অভিসন্ধি আছিল সেই কথাবোৰ স্পষ্ট হৈ আছে । সেই অভিসন্ধিমূলক কথাবোৰ আদালতৰ মজিয়াত নিকপকপীয়াকৈ প্ৰমাণসহ প্ৰতিষ্ঠা হওক ।

৩)শ্যামকানু মহন্তৰ ভাষ্য মতে, জুবিনক মতা নাছিল, জুবিন নিজেই গৈছিল। অথচ, বহু আগৰেপৰাই জুবিনৰ ফটোৰে পোষ্টাৰ বনাই প্ৰচাৰ কৰি আছিল। আৰু সেই কথাই জুবিনক নেৰা নেপেৰাকৈ কৈছিল যে “ইতিমধ্যে প্ৰচাৰ কৰা হ’লেই, এতিয়া নগ’লে বহুত ডাঙৰ কথা হ’ব” । এজন শিল্পীক আমন্ত্ৰণ জনালে যি লিখিত এগ্ৰিমেণ্ট হ’ব লাগে,তেনে কোনো agreement আমি এতিয়া জানিবলৈ পোৱা মতে এই ফেষ্টিভেলৰ বাবে কৰা হোৱা নাছিল ।‌ মেনেজাৰ হিচাবে সিদ্ধাৰ্থ আৰু আয়োজক হিচাবে শ্যামকানু মহন্তৰ সম্পূৰ্ণ দ্বায়িত্ব আছিল জুবিনৰ সুৰক্ষা আৰু সিদ্ধাৰ্থে বিশেষ ভাৱে নিশ্চিত কৰিব লাগিছিল মেডিকেল কেয়াৰৰ । জুবিন গাৰ্গ যি কোনো এজন সাধাৰণ ব্যক্তি নহয় .. তেওঁৰ বাবে যি ব্যৱস্থা হ’ব লাগিছিল , একোৱেই কৰা নহ’ল আয়োজকৰ তৰফৰ পৰা । এই ক্ষেত্ৰত সিদ্ধাৰ্থৰ একোৱেই মাত নাছিল কিয় ? শ্যামকানু মহন্তৰ লগত এনে কি বেলেগ বুজা বুজি আছে যে সামান্যতম safety আৰু চিকিউৰিটিৰ কথাও নপতাকৈ জুবিনক লৈ যোৱা হ’ল.. কিয় ? মাননী কি নিৰ্ধাৰণ কৰা হৈছিল অথবা সা – সুবিধাৰ কি কথা হৈছিল সেয়া কেৱল সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তইহে জানিছিল ।

৪) আৰু এটা কথা চাৰ্জশ্বীট পঢ়িহে আমি জানিবলৈ পালো জুবিন গাৰ্গৰ ” One Last Tour” বুলি কিবা ১০ খন চিটিৰ টুৰ এটা সিদ্ধাৰ্থে প্লেন কৰিছিল য’ত জুবিনে লাইভ শ্ব’ৰ পৰা অৱসৰ ল’ব বুলি ঘোষণা হ’ব । এই কথাবোৰ আমি কেতিয়াও শুনা নাছিলো,নাজানিছিলো । আনকি তেওঁৰ বেণ্ড, পৰিয়ালৰ লোক বা বন্ধু কোনও নাজানে । জুবিনে অৱসৰ এতিয়াই ল’ব কিয়.. আমি নালাগে তেওঁ নিজেও তেনেকুৱা কথা কেতিয়াও ভবা নাছিল । মই গোটেই জীৱন তেওঁৰ নতুন নতুন কামৰ পৰিকল্পনা আৰু সপোনহে দেখিছো! চাৰ্জশ্বীট পঢ়ি জানিব পাৰিছো, সিদ্ধাৰ্থই বহু কমিটিৰ পৰা এইবছৰ “জুবিন দাই এইবাৰ শেষবাৰৰ বাবে অনুষ্ঠান কৰিব” বুলি কৈ মাননীও বঢ়াই লৈছিল । যি মাননীৰ পৰিমাণ সম্পূৰ্ণ ৰূপে ৰেকৰ্ডত লিখা নাছিল। এনে ক্ষেত্ৰত প্ৰশ্ন উঠে শ্যামকানু মহন্তৰ সতে লিখিত চুক্তি নোহোৱাৰ কাৰণ কি ?

৫)৭৫ মিনিটলৈকে চিকিৎসা অবিহনে অনাদৰে তেওঁক পেলাই থোৱা হৈছিল আৰু চাৰ্জশ্বীটত উল্লেখ আছে যে,ওচৰতে St Jones আৰু Lazarus island ৰ বাবে AED আৰু medical assistance আছিল, এটা সংযোগী বাটো আছিল অথচ ইমান দেৰিলৈকে কিয় ৰৈ থকা হ’ল ? ছিংগাপুৰৰ আবাসীকেইজনে সেই কথা নাজানিছিল নেকি ? Yacht ত থকা কোনোৱেই কিয় নাভাবিলে যে য’ত safety board এখন আঁৰি লিখি থোৱা আছিল ” swimming at your own risk- no divers available বুলি । যি কোনো আয়োজনৰ বাবে safety measures ৰ কথা চিন্তা কৰাটো মুখ্য! আমি হেৰুৱাইছো, গোটেই অসমে হেৰুৱাইছে এক সত্বা আৰু তেওঁলোক এতিয়াও ইমান নীৰৱ ! Yacht খনতো safety বা medical assistance ৰ বাবে একোৱেই নাছিল ! এটা দীঘলীয়া বাট লৈ দীৰ্ঘ সময়ৰ বাবে তেওঁক কোনো চিকিৎসা নোহোৱাকৈ পেলাই ৰখা হ’ল — যি জন মানুহে বাটে ঘাটে আঘাট পাই পৰি থকা মানুহেই নহয় জীৱ – জন্তু, চৰাই – চিৰিকটিকো চিকিৎসাৰ বাবে তুলি নি সুস্থ কৰি তোলে — লাগিলে নিজৰ professional loss অথবা পলম হোৱা বুলি বিতৰ্কই নহওঁক কিয় ? তেনে এজন ব্যক্তিক ইমান অনাদৰ কৰা হ’ল ! আমাৰ দৃষ্টিত এই yacht খনত থকা প্ৰতিজন মানুহেই এই অভাৱনীয় ঘটনাটোৰ বাবে দোষী আৰু সকলো বিচাৰৰ আওঁতালৈ আহক, কথা সিমানেই।

৬)আমি video বোৰৰ জৰিয়তে দেখিছোঁ জুবিনক কিমান neglect কৰা হৈছিল । Seizure থকা মানুহ এজনক নিচাগ্ৰস্ত কৰি ইমান দীঘলীয়া সময়ৰ বাবে সাগৰৰ মাজত লাইফজেকেট নোহোৱাকৈ সাঁতুৰিবলৈ উচটনি দিলে তাকো unattended – সেইটো সম্পূৰ্ণ crime! পানীত তেওঁৰ vomiting হৈছে, নাকেৰে মুখেৰে খোৱা বস্তু আৰু ফেন ওলাইছে – এই সকলোবোৰ gastricৰহে লক্ষণ বুলি এৰি দিব কেনেকৈ পাৰিলে ? ভাগৰুৱা হৈ সাতুৰি থকা দেখিও সিদ্ধাৰ্থৰ হাত জোকাৰি “যাব দে” ইংগিত , কোনো এজনে অৱশ মানুহজনক বাধা দিয়াৰ চেষ্টা নকৰি আনন্দত মচগুল হৈ থকা .. কিমান অসহনীয় এইবোৰ ! পানীত ডুবি যোৱাৰ পিছত yacht লৈ উঠাই আনোতে তেওঁৰ দাঁতে দাঁতে লাগিছে আৰু tong এডাল মুখত সুমুৱাই দিব লগা হৈছে বুলিও প্ৰবাসী অসমীয়া কেইজনে নিজৰ ষ্টেটমেণ্টত কৈছে । তাৰ পিছতো তেওঁলোকে ইমান অৱহেলাৰে তেওঁক পেলাই থলে , Untrained মানুহে cpr দিছে, তেওঁৰ ribs ভাঙিছে । মুৰতো আঘাট আছিল তেওঁৰ । কেনেকৈ ক’ত সেই আঘাট পাইছিল ? হাওফাও ত পানী জমা হৈ আছিল । ছিংগাপুৰৰ এজনে কৈছে, yacht ত উঠোৱাৰ পিছত জুবিনৰ পেটটো হেঁচি দিওঁতে সাগৰৰ পানী বহুত ওলাইছিল । .. বহুত বহুত কষ্ট পালে তেওঁ । এই কথাবোৰ ভাবিবলৈও ভয় লাগে, বুকু কঁপি যায় ! এই কষ্টবোৰ আমি জীয়াই থকা প্ৰতি মুহূৰ্ত্তত অসহায় হৈ কঢ়িয়াই ফুৰিব লাগিব। আমাক এই সকলোবিলাক কথাৰ উত্তৰ লাগে।

এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ .. যাৰ বাবে আমি আমাৰ মানুহজনক হেৰুৱালোঁ । আমাৰ ঘৰখন, অসমখন থান বান হৈ গ’ল । ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি খুব ধৈৰ্য্য আৰু সংযমেৰে আমি অপেক্ষা কৰিছোঁ, এই অসুৰ বোৰে পৃথিৱীৰ আটাইতকৈ ভয়ানক শাস্তি পাওক ।

২০০০ চনৰ পৰাই মৃত্যুৰ তাণ্ডৱ চলা আমাৰ ঘৰখন সময়ৰ সোঁতত মাথো অলপ থানথিত লাগিছিলহে, তাকো এই অসুৰ বিলাকৰ সহ্য নহ’ল! মৃত্যৰ ধুমুহাত বিধ্বস্ত আমাৰ ঘৰখন, ডেকা পুত্ৰক হেৰুওৱা এজন অসহায় পিতৃ, নিজৰ সাহস আৰু শক্তি হৈ থকা ককায়েকক হেৰুওৱা এজনী ভগ্নী আৰু মই……. যাৰ বাবে জুবিনেই সকলো আছিল!

এতিয়া যিহেতু সকলো ন্যায় ব্যৱস্থাৰ অধীনত.. এই সময়ত আমি আশা কৰিছো SIT য়ে দাখিল কৰা চাৰ্জশ্বীটখন উপযুক্ত সাক্ষ্য, প্ৰমাণ আৰু তথ্যৰে যথেষ্ট সৱল আৰু পানী নসৰাকৈ ইতিমধ্যে দাখিল কৰিছে । চৰকাৰী আইনজ্ঞ সকলেও নিশ্চয় ইতিমধ্যে পঢ়ি সকলো চালি-জাৰি চাইছে । গতিকে এই মূহুৰ্ততো যদি তেওঁলোকে ভাৱে , এই সমস্ত মাৰাত্মক অপৰাধ কাণ্ডটোত অভিযুক্তকেইজনক আদালতত দোষী সাব্যস্ত কৰিবৰ বাবে যদি কিবা আৱশ্যক আছে, তেন্তে আমাৰ একান্ত অনুৰোধ SIT আৰু চৰকাৰী আইনজ্ঞসকলে আকৌ এবাৰ ৰিভিউ কৰি প্ৰয়োজনীয় আইনী পদক্ষেপখিনি যাতে কৰি লয় । (মাননীয় মূখ্যমন্ত্ৰী মহোদয়ে খুব সদ্ভাৱেৰে উল্লেখ কৰিছিল Fast track বিচাৰৰ কথা)

এতিয়া আমি একান্ত ভাবে বিচাৰিছো Fast Track, a special bench আদালত, য’ত daily basis ত কেৱল Zubeen Garg ৰ case ৰ শুনানি হওঁক,যাতে অতি সোনকালে জুবিন গাৰ্গে ন্যায় পায়!নহ’লে ৩০০ তকৈ অধিক witness ৰ শুনানিত বহু বছৰ লাগিব, Justice delayed is Justice denied. চৰকাৰলৈ আৰু এটা বিশেষ অনুৰোধ যাতে এটা strong Public Prosecutor ৰ Team গঠন কৰি দিয়ে, য’ত জ্যেষ্ঠ অধিবক্তাও দুজনমান (যাৰ ওপৰত ৰাইজৰ শ্ৰদ্ধা আৰু আস্থা আছে) থাকে as legal advisors আৰু টীমটো প্ৰয়োজনীয় man-power‌ তথা logistics সা-সুবিধাৰে সবল কৰি দিয়ে, তেতিয়াহে ন্যায় প্ৰতিষ্ঠা জোৰদাৰ হ’ব। অভিজ্ঞ SIT team আৰু Public Prosecutors ৰ Team লগ লাগি Charge sheet খন যাতে সবল ভাবে, কোনো এজনো অভিযুক্ত সাৰি যোৱাৰ সুৰুঙা নথকাকে ন্যায়ালয়ত উপস্থাপন কৰি সঠিক আৰু শুদ্ধ ন্যায় প্ৰতিষ্ঠা কৰে .. এতিয়া সমগ্ৰৰ সেয়াই অপেক্ষা । জুবিন গাৰ্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ’ব লগা হয়, তেন্তে আন জনগণৰ বাবে ন্যায় কি হʼব ?

ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে আৰু Bar Council আৰু সমূহ ৰাইজৰ সহযোগ বিচাৰিছো আমাৰ এই ন্যায় যাত্ৰাত দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক এতিয়া তাৰ বাহিৰে আন কথা ভাবিব পৰাকৈ একো নাই আমাৰ!’

স্বামীক হেৰুৱাই প্ৰতি মুহূৰ্তত বেজাৰত হিয়া ভাঙিছে গৰিমা শইকীয়া গাৰ্গৰ।

Tags: #JusticeForZubeenGarg

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

March 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025