অসম আহি পালে সকলোৰে মৰমৰ জুবিন গাৰ্গৰ নশ্বৰ দেহ। সকলোকে কন্দুৱাই অজান মূলুকলৈ গুছি গ’ল জুবিন গাৰ্গ। জুবিনৰ মৃত্যুক এতিয়াও সহজভাৱে মানি ল’ব পৰা নাই হাজাৰ হাজাৰ অনুৰাগীয়ে।
সকলোৰে বাঢ়িছে বুকুৰ ধপধপনি।কান্দি কান্দি ভাগৰি পৰিছে সকলো।স্বামীক হেৰুৱাই হিয়া ভাঙি কান্দিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।
সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰটো দৰ্শন সন্দৰ্ভত মন্তব্য সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই মন্তব্য কৰিছে যে, ‘পৰিয়ালে যিমান সময় বিচাৰে সিমান সময় পৰিয়ালৰ লগত থাকিব। পৰিয়ালে যেতিয়া অনুমতি দিব তেতিয়াহে ৰাইজৰ দৰ্শনৰ বাবে ৰখা হ’ব প্ৰাণৰ জুবিন গাৰ্গৰ নশ্বৰ দেহ’।










