‘জুবিন উঠা… তোমাৰ বাবে আমি ৰৈ আছো’। স্বামীক কফিনত দেখি শোকত ব্যাকুল হৈ পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ। এই কথা মানি ল’ব পৰা নাই পত্নী গৰিমাই। জুবিনৰ কফিনকে সাৱতি হিয়া ধাকুৰি কান্দিছে পত্নীয়ে। হৃদয় ভাঙি চূৰ-মাৰ হৈ যোৱা এক নিষ্ঠুৰ সত্য। অতি অসহ্যকৰ।
কফিনত জুবিন গাৰ্গে শুইছে। শেষবাৰৰ বাবে প্ৰিয় শিল্পীজনক চাবলৈ আগ্ৰহেৰে ৰৈ আছে জুবিনৰ লাখ লাখ অনুৰাগী। হাঁহি হাঁহি ছিংগাপুৰলৈ যোৱা জুবিন নিথৰ হৈ আহিছে ঘূৰি আহিছে অসমী আইৰ কোলালৈ।












