মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ মন্তব্য। বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া। তেওঁ কয় যে, ৩ গগৈৰ মিঞাৰ প্ৰধান সমৰ্থক। যিদিনা বিজেপি নাথাকিব, সেইদিনাই অসমখন লৈ ল’ব মিঞাই। BJP নাথাকিলে জনগাঁঠনিৰ পৰা আদি কৰি সকলো ফালৰ পৰা সলনি হ’ব অসমখন। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, অসমৰ ৪০ শতাংশ লোক আগ্ৰাসী।বিজেপিক সমালোচনা কৰা অসমীয়া সকলে এদিন অনুতাপ কৰিব।
উল্লেখ্য যে, আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে এইবাৰ বিৰোধী ঐক্যৰ বাবে পুনৰ আগভাগ লৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ইয়াৰ বাবে মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।











