বিজেপি বিধায়িনী দলৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব ৰেখা গুপ্তা। আনহাতে উপ-মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰৱেশ বাৰ্মাৰ নাম চূড়ান্ত কৰা হয়। দলৰ জ্যেষ্ঠ নেতা বীজেন্দ্ৰ গুপ্তাক বিধানসভাৰ অধ্যক্ষ পদৰ দায়িত্ব প্ৰদান কৰা হয়।
উল্লেখ্য যে, শালীমাৰ বাগৰ পৰা ৰেখা গুপ্তা বিধানসভালৈ নিৰ্বাচিত হৈছে। ৰেখা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী সক্ৰিয় সদস্য। ১৯৯৬-৯৭ চন- DUSUৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
২০০৩-২০০৪ চনলৈকে তেওঁ দিল্লীৰ ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ সম্পাদিকা পদত অধিষ্ঠিত হৈছিল। লগতে ২০০৪ৰ পৰা ২০০৬ চনলৈ বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদিকা হয়। ইয়াৰ উপৰি ২০০৭-২০০৯ চনৰ পৰা একেৰাহে দুবছৰ ধৰি মহিলা কল্যাণ আৰু শিশু উন্নয়ন সমিতি, এমচিডিৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰে।
বৃহস্পতিবাৰে দিল্লীৰ ৰামলীলা ময়দানত ৰেখা গুপ্তাই মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব।