নিউজিলেণ্ডৰ বাওঁহতীয়া বেটাৰ টম লাথামে ৰচিলে ইতিহাস। তেওঁ আই চি চি চেম্পিয়নছ ট্ৰফীত শতক অৰ্জন কৰা বিশ্বৰ তৃতীয়জন উইকেটকীপাৰ বেটাৰ হিচাপে পৰিগণিত হৈছে। লাথামৰ পূৰ্বে এই বিশেষ কৃতিত্ব কেৱল জিম্বাব’ৱে ক্ৰিকেট দলৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেন এণ্ডি ফ্লাৱাৰ আৰু শ্ৰীলংকাৰ প্ৰাক্তন উইকেটকীপাৰ কুমাৰ ছাংগাকাৰাৰ নামতহে লিপিবদ্ধ আছিল।
ফ্লাৱাৰ আৰু ছাংগাকাৰাই ক্ৰমে ভাৰত আৰু ইংলেণ্ডৰ বিৰুদ্ধে এই সন্মানীয় প্ৰতিযোগিতাখনত শতক অৰ্জনেৰে এই বিশেষ কৃতিত্ব অৰ্জন কৰিছিল। কিন্তু আজিৰ পৰা আৰম্ভ হোৱা চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন মেচত পাকিস্তানৰ বিৰুদ্ধে শতক অৰ্জন কৰি লাথামেও এই মহান কৃতিত্ব অৰ্জন কৰিছে।
কৰাচীত অনুষ্ঠিত হোৱা মেচখনত পঞ্চম স্থানত বেটিং কৰিবলৈ অহা লাথামে নিজৰ ইনিংছটোত খেলিছিল ১০৪টা বল। এই ইনিংছটোত তেওঁ ১০টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ১১৩.৪৬ ষ্ট্ৰাইক ৰেটৰ জৰিয়তে ১১৮ ৰান সংগ্ৰহ কৰে।
আই চি চি চেম্পিয়নছ ট্ৰফীত শতক অৰ্জন কৰা উইকেটকীপাৰ
১৪৫ ৰান- এণ্ডি ফ্লাৱাৰ (জিম্বাব’ৱে) বনাম ভাৰত- কলম্বো- ২০০২
অপৰাজিত ১৩৪ ৰান- কুমাৰ ছাংগাকাৰা (শ্ৰীলংকা) বনাম ইংলেণ্ড- দ্য অভেল- ২০১৩
অপৰাজিত ১১৮ ৰান- টম লাথাম (নিউজিলেণ্ড) বনাম পাকিস্তান- কৰাচী- ২০২৫