কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক বৃহস্পতিবাৰে সন্ধিয়া দিল্লীৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি কেইবাগৰাকীও চিকিৎসকৰ তত্বাৱধানত তেওঁৰ চিকিৎসা চলি আছে বুলি জানিব পৰা গৈছে।
সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, স্বাস্থ্যৰ অৱস্থা গুৰুতৰ নোহোৱা বাবে আজি তেওঁক ডিচচাৰ্জ দিয়া হ’ব।
কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে ছোনিয়া গান্ধীক গংগা ৰাম চিকিৎসালয়লৈ অনা হৈছিল নিয়মীয়া পৰীক্ষাৰ বাবে। য’ত চিকিৎসকৰ এটা দলে তেওঁক চোৱা-চিতা কৰি আছে।
গংগা ৰাম চিকিৎসালয়ৰ পৰিচালনাৰ সৈতে হোৱা বাৰ্তালাপৰ ভিত্তিত এটা আগশাৰীৰ সংবাদ সংস্থাই জনোৱা মতে, বৃহস্পতিবাৰে পেটৰ সমস্যাৰ বাবে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষা ছোনিয়া গান্ধীক দিল্লীৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
অৱশ্যে ছোনিয়া গান্ধীক হাস্পতালত ভৰ্তি কৰোৱাৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত দলৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই।