বৃহস্পতিবাৰে নিশা দুৰ্গাপুৰ এক্সপ্ৰেছৱে’ত দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী। অৱশ্যে সকাহৰ বিষয় এয়াই যে, দুৰ্ঘটনাটোত সৌৰভ গাংগুলীৰ কথমপি প্ৰাণ ৰক্ষা পৰে।
সূত্ৰৰ পৰা জানিব পৰা মতে, পশ্চিমবংগৰ বৰ্ধমানত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত এখন তীব্ৰবেগী ল’ৰীয়ে তেওঁৰ গাড়ীত খুন্দা মাৰে।
এই দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সৌৰভ গাংগুলীৰ অনুৰাগীৰ মন বিষাদেৰে ভৰি পৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, এই দুৰ্ঘটনাত সৌৰভ গাংগুলী সম্পূৰ্ণৰূপে সুৰক্ষিত।
জানিব পৰা মতে, ‘প্ৰিন্স অফ কলকাতা’ৰূপে পৰিচিত সৌৰভ গাংগুলীয়ে নিজৰ বাহনেৰে কনভয় লৈ এক অনুষ্ঠানলৈ গৈ আছিল। হঠাৎ তীব্ৰবেগী ল’ৰী এখনে তেওঁৰ গাড়ীত খুন্দা মাৰে। অৱশ্যে চালকজনে চতুৰালীৰে ব্ৰেক মৰাত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ প্ৰাণ ৰক্ষা পৰে। কিন্তু চালকজনে ব্ৰেক লগোৱাৰ ফলত তেওঁৰ কনভয়ৰ বাহনবোৰে ইখনৰ পিছত সিখনৰ লগত খুন্দা মাৰে।
সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই যদিও বাহনসমূহ নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত হয়।