মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ নেতৃত্বাধীন এন চি পি দলৰ নেতা তথা ৰাজ্যখনৰ কৃষি মন্ত্ৰী মানিকৰাও কোকাটে আৰু তেওঁৰ ভাতৃ সুনীল কোকাটেক নাছিকৰ জিলা আদালতে ২ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।
৩০ বছৰ পুৰণি এটা গোচৰত এই শাস্তি প্ৰদান কৰা হৈছে। উল্লেখ্য যে, ১৯৯৫-১৯৯৭ চনৰ সময়ত ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীৰ কোটাৰ অধীনত দিয়া ফ্লেট হস্তগত কৰাৰ গোচৰত আদালতে তেওঁলোকক শাস্তি প্ৰদান কৰিছে।
অৱশ্যে শাস্তি প্ৰদানৰ মাত্ৰ ২ ঘণ্টাৰ পিছতেই মন্ত্ৰীগৰাকীয়ে জামিন লাভ কৰিছিল। আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে বোম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলিও কয় কৃষি মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, প্রাক্তন মন্ত্রী টুকাৰাম দীঘোলেই এখন আবেদন দাখিল কৰিছিল৷ যুক্তি প্ৰদান কৰা হৈছিল যে মুখ্যমন্ত্ৰীৰ কোটাৰ পৰা চৰকাৰে কম আয়ৰ লোকক কম হাৰত ফ্লেট প্ৰদান কৰে। ইয়াৰ বাবে সংশ্লিষ্ট ব্যক্তিয়ে শপতনামা আৰু প্ৰয়োজনীয় নথি-পত্ৰ দাখিল কৰিব লাগে, য’ত তেওঁৰ নামত ক’তো ফ্লেট নাই বুলি উল্লেখ থাকিব। কিন্তু মাণিকৰাও কোকাটে আৰু তেওঁৰ ভাতৃ সুনীল কোকাটেই ১৯৯৫-১৯৯৭ চনৰ ভিতৰত ভুৱা নথি-পত্ৰৰে নাছিক চহৰৰ কানাডা কৰ্ণাৰ অঞ্চলৰ নিৰ্মান ভিউ এপাৰ্টমেণ্টত মুখ্যমন্ত্ৰীৰ কোটাৰ পৰা দুটা ফ্লেট লাভ কৰিছিল।
কেৱল এয়াই নহয়, এই অট্টালিকাৰ আন দুটা ফ্লেটো অন্য লোকৰ নামত লৈছিল, যি দুটা প্ৰকৃততে কোকাটেৰ ভাতৃয়ে ব্যৱহাৰ কৰি আছিল।
পিছত এই অভিযোগৰ ভিত্তিত হোৱা তদন্তৰ অন্তত মাণিকৰাও কোকাটে আৰু তেওঁৰ ভাতৃ সুনীল কোকাটে আৰু আন ২ জনৰ বিৰুদ্ধে ভুৱা নথি-পত্ৰৰে ফ্লেট অধিগ্ৰহণ কৰি চৰকাৰক প্ৰতাৰণা কৰাৰ অভিযোগত আই পি চি ৪২০, ৪৬৫, ৪৭১, ৪৭ৰ অধীনত সৰকাৰৱাড়া থানাত গোচৰ ৰুজু কৰা হয়।
স্মৰ্তব্য যে, আদালতৰ এই ৰায়ৰ পিছতে এতিয়া সংকটত মানিকৰাও কোকাটেৰ মন্ত্ৰিত্ব। নিৰ্ধাৰিত নিয়ম অনুসৰি, যদিহে কোনো জনপ্ৰতিনিধি দুবছৰ বা তাতোকৈ অধিক সময়ৰ বাবে শাস্তিৰ সন্মুখীন হয় তেন্তে তেওঁক অযোগ্য ঘোষণা কৰা হয়।