অহা ২৩ ফেব্ৰুৱাৰী অৰ্থাত দেওবাৰে চেম্পিয়নছ ট্ৰফীৰ এখন মৰণপণ যুঁজত ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব পাকিস্তান। এই গুৰুত্বপূৰ্ণ মেচখনৰ পূৰ্বে আঘাতৰ সমস্যাই উদ্বেগৰ সৃষ্টি কৰিছে পাকিস্তান শিৱিৰত। আঁঠুৰ আঘাতৰ সমস্যাৰ বাবে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছে আয়োজক দেশ পাকিস্তানৰ ষ্টাৰ বেটাৰ ফখৰ জামান।
আঘাত গুৰুতৰ হোৱা বাবে ভাৰতৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচখনত দেখা পোৱা নাযাব ইনফৰ্ম বেটাৰ ফখৰ জামানক। ইতিমধ্যে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ফখৰ জামানৰ ঠাইত দলত অন্তৰ্ভুক্ত কৰিছে ইমাম-উল-হকক।
উল্লেখ্য যে, ১৯ ফেব্ৰুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে অংশ লোৱা মেচখনৰ আৰম্ভণিতে আঘাত পাইছিল ৩৪ বছৰীয়া ফখৰ জামানে। যাৰ বাবে তেওঁ বেটিং কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছিল। মেচখনৰ অন্তত হোৱা স্বাস্থ্য পৰীক্ষাৰ পিছতেই তেওঁক প্ৰতিযোগিতাখনৰ পৰা বিশ্ৰাম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ইফালে দেওবাৰে ডুবাই ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচখন পাকিস্তানৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কিয়নো টুৰ্ণামেণ্টৰ প্ৰথমখন মেচতেই নিউজিলেণ্ডৰ বিৰুদ্ধে শোচনীয়ভাৱে পৰাস্ত হৈছিল পাকিস্তান। এতিয়া যদি ভাৰতৰ বিৰুদ্ধেও পৰাস্ত হয় তেন্তে ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব আয়োজক দেশ পাকিস্তান।