চাহ জনজাতিৰ চহকী সাংস্কৃতিক বিশ্ব দৰৱাৰত উপস্থাপনৰ লক্ষ্যৰে সৰুসজাইৰ ক্ৰীড়া প্ৰকল্পত আজি অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দিনী’। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত আজি প্ৰতিষ্ঠিত কৰিব বিশ্বৰ বুকুত।
এই অনুষ্ঠান আৰম্ভ হ’ব সন্ধিয়া ৫:৩০ বজাৰ পৰা। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত অংশগ্ৰহণ কৰিব ৬১ ৰাষ্ট্ৰদূতে।যিসকল দৰ্শকে এই অনুষ্ঠান উপভোগ কৰাৰ বাবে প্ৰৱেশ-পত্ৰ লৈছে, তেওঁলোকক বিয়লি ৩:৩০ বজাৰ ভিতৰতে ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।
৮ হেজাৰৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত। ইয়াৰ উপৰি ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান ৰাজ্যৰ ৮০০ খন চাহ বাগিছাত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।
আনহাতে সামাজিক মাধ্যমত একাংশ লোকে ঝুমুৰক ঝাৰখণ্ডৰ নৃত্য বুলি কৰা মন্তব্যত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ঝুমুৰ এশ শতাংশ অসমীয়া সংস্কৃতিৰ। ঝুমুৰক লৈ ভাৰতবৰ্ষৰ কোনো ৰাজ্যৰ নৃত্যৰ মিল নাই।