সংগীত-নৃত্য, ধোল-নাগৰাৰে বিয়াঘৰ পাই দৰা। পৰিয়ালটোৱে দৰাঘৰক অতি ধুমধামেৰে আদৰণি জনায়। বৰমালাৰ পিছত সাত জন্মৰ বাবে একলগ হোৱাৰ প্ৰতিশ্ৰুতি লবলৈ ওলাইছিল দুয়োজনে।কিন্তু তেনেতেই লাগে এখন ডাঙৰ কাজিয়া। যাৰ বাবে সেই ঠাইত আহি উপস্থিত হয়।
এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাত। ২৪ ফেব্ৰুৱাৰীত দেওৰিয়া জিলাৰ লাৰ থানা এলেকাৰ অন্তৰ্গত কুণ্ডাউলীত বিবাহ অনুষ্ঠানৰ সময়তেই দৰাৰ বন্ধুৱে ধেমালিতে কইনাৰ বান্ধৱীৰ ওপৰত ৰং লগায়।ইয়াৰ পিছতেই সৃষ্টি হয় এই হুলস্থুলীয়া পৰিস্থিতিৰ। যাৰ বাবে বিবাহ কাৰ্য সম্পন্ন কৰাৰ অবিহনেই উভতি যায় বৰযাত্ৰী।
আচলতে ঘটনাটো হল- বিবাহ অনুষ্ঠানটিত দৰাঘৰীয়াই কইনাৰ ঘৰৰ মানুহৰ লগত ধেমালি কৰি আছিল। তেনেতে হঠাৎ দৰাৰ বন্ধুৱে কইনাৰ বান্ধৱীৰ গালত আহি ৰং লগায়। এই কাণ্ডই কইনাৰ বান্ধৱীক ইমানেই ক্ষুব্ধ কৰি তুলে যে, ৰাজহুৱা স্থানতেই তেওঁ দৰাৰ বন্ধুক চৰ সোধায়। এই বিষয়টো ইমানেই তীব্ৰতৰ হৈ পৰে যে, এই কাৰ্যত দৰা ক্ষোভিত হৈ ওভোতাই নিয়ে বৰযাত্ৰী।
ইয়াৰ পাছত সেই ঠাইত আৰক্ষী আহি উপস্থিত হয় আৰু ইয়াৰ পিছতেই সুচাৰুৰূপে বিবাহৰ সকলো কাৰ্য আৰু বিদায় সম্পন্ন হয়।