শোচনীয় প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি চেম্পিয়নছ ট্ৰফীৰ পৰা বিদায় মাগিলে ইংলেণ্ডে। গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত ইংলেণ্ড দলক ৭ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেললৈ অগ্ৰসৰ হয় দক্ষিণ আফ্ৰিকা। লজ্জাজনক পৰিসংখ্যা এয়াই যে আই চি চিৰ সন্মানীয় প্ৰতিযোগিতাখনত জয়ৰ মুখ নেদেখিলে ইংলেণ্ড দলে।
প্ৰতিযোগিতাখনৰ অন্তিমখন মেচত ইংলেণ্ড দলে প্ৰথমে বেট ধৰি মাত্ৰ ১৭৯ ৰানতে সামৰে নিজৰ প্ৰথম ইনিংছ। দক্ষিণ আফ্ৰিকাই মাত্ৰ ২৯.১ অভাৰতে তিনিটা উইকেট হেৰুৱাই এই সহজ লক্ষ্যত উপনীত হয়।
এই দৰ্শনীয় জয়ৰ জৰিয়তে দক্ষিণ আফ্ৰিকাই গ্ৰুপ বিত প্ৰথম স্থান দখল কৰিছে। দক্ষিণ আফ্ৰিকাৰ এই জয়ত চাৰিগৰাকী খেলুৱৈয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। ইয়াৰ পূৰ্বে মাৰ্কো য়ানছেন আৰু মুল্ডাৰে নিজৰ বলিঙৰ জৰিয়তে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল।
ইয়াৰ পাছত ৰাছি ভান ডাৰ ডাচেন আৰু ক্লাচেনে নিজৰ বেটিঙেৰে আলোড়নৰ সৃষ্টি কৰে। য়ানছেন আৰু মুল্ডাৰে তিনিটাকৈ উইকেট দখল কৰে। আনহাতে ভান ডাৰ ডাচেনে অপৰাজিত ৭২ আৰু ক্লাচেনে ৬৪ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাই মাত্ৰ ২৯.১ অভাৰত ইংলেণ্ডে দিয়া ১৮০ ৰানৰ লক্ষ্যত উপনীত হয়।
এইদৰে ইংলেণ্ড দলে এখন মেচতো জয়ৰ মুখ নেদেখাকৈয়ে চেম্পিয়নছ ট্ৰফীৰ অভিযান সামৰে। ইংলেণ্ডে তিনিওখন মেচতে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। প্ৰথমে ইংলেণ্ড অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল, তাৰ পিছত আফগানিস্তানে আৰু এতিয়া দক্ষিণ আফ্ৰিকাইও তেওঁলোকক পৰাস্ত কৰে।