ভাৰতৰ সন্মুখত ধৰাশায়ী হল কিৱি বাহিনী। চেম্পিয়নছ ট্ৰফী ২০২৫ৰ জয় যাত্ৰা অব্যাহত আছে ভাৰতীয় দলটো।
চেম্পিয়নছ ট্ৰফীৰ অন্তিমখন লীগ মেচত জয়লাভ কৰেটীম ইণ্ডিয়াই।নিউজিলেণ্ডৰ বিৰুদ্ধে ৪৪ ৰাণত জয় লাভ কৰে ভাৰতে।
টছত জয়ী হৈ প্ৰথমে বলিং কৰিছিল নিউজিলেণ্ডে। ইয়াৰ পিছতে ভাৰতে প্ৰথমে বেটিং কৰি ২৫০ ৰাণৰ লক্ষ্য বান্ধি দিয়ে নিউজিলেণ্ডক।
৯ উইকেট হেৰুৱাই ভাৰতে ৫০ অভাৰত সংগ্ৰহ কৰে ২৪৯ ৰান। ভাৰতৰ হৈ সৰ্বাধিক ৭৯ ৰাণ সংগ্ৰহ কৰে শ্ৰেয়াছ আয়াৰে। ইফালে ভাৰতৰ হৈ ৫টা উইকেট লাভ কৰে বৰুণ চক্ৰৱৰ্তীয়ে। বৰুণৰ স্পীনৰ যাদুত ধৰাশায়ী হয় টীম ইণ্ডিয়া।
হাৰ্ডিক পাণ্ডিয়া, অক্সৰেও খেলে সুন্দৰ ইনিংছ।
প্ৰত্যুত্তৰত নিউজিলেণ্ডে আটাইকেইটা উইকেট হেৰুৱাই ৪৫ অভাৰ ৩ টা বলত ২০৫ ৰাণতে সামৰিবলগীয়া হয় এই ইনিংছ। অৱশ্যে ইতিমধ্যে এই দুয়োটা দলে ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে।