আৰু কিছুদিনৰ পিছতেই কাৰ্যকাল অন্ত পৰিব কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ। ইয়াৰ মাজতে মঙলবাৰে ট্ৰুডোৱে এখন সংবাদমেলৰ জৰিয়তে আমেৰিকাই আৰোপ কৰা শুল্ক সন্দৰ্ভত মন্তব্য কৰিছে। ট্ৰুডোৱে আমেৰিকাৰ শুল্কক মূৰ্খামি আখ্যা দি কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে কানাডাৰ সৈতে ‘বাণিজ্য যুদ্ধ’ আৰম্ভ কৰি ৰাছিয়াক সন্তুষ্ট কৰাৰ প্ৰয়াস কৰিছে।
তেওঁ কয়, ‘ৰাষ্ট্ৰপতি ট্ৰাম্পে কানাডাৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে কানাডাই ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ সামগ্ৰীৰ ওপৰত প্ৰতিশোধমূলক শুল্ক আৰোপ কৰিব।’
আমেৰিকাৰ ক্ষমতালৈ উভতি অহাৰ পিছৰে পৰা আক্ৰমণাত্মক হৈ পৰা ট্ৰাম্পক সমালোচনা কৰি ট্ৰুডোৱে কয়, ‘আজি আমেৰিকাই আটাইতকৈ নিকটৱৰ্তী পাৰ্টনাৰ, সহযোগী আৰু সবাটোকৈ ভাল বন্ধু কানাডাৰ বিৰুদ্ধে বাণিজ্যিক যুদ্ধ আৰম্ভ কৰিছে। আনহাতে তেওঁলোকে ৰাছিয়াৰ বিৰুদ্ধে ইতিবাচকভাৱে কাম কৰাৰ কথা কয়, যিখন দেশৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন এগৰাকী মিছলীয়া, হত্যাকাৰী আৰু আমেৰিকাই তেওঁলোকক সুখী কৰিব বিচাৰে। এয়া জানো বুদ্ধিমানৰ কথা?’
উল্লেখ্য যে, দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণৰ পিছত প্ৰথমবাৰৰ বাবে মঙলবাৰে কংগ্ৰেছৰ যুটীয়া অধিৱেশনত তেওঁৰ প্ৰথমটো ভাষণ আগবঢ়ায়। এই ভাষণত ট্ৰাম্পে কেইবাখনো দেশে আৰোপ কৰা উচ্চ শুল্কক সমালোচনা কৰি ইয়াক অতি অন্যায় বুলি অভিহিত কৰে। তেওঁ লগতে অহা মাহৰ পৰা পাৰস্পৰিক শুল্ক আৰম্ভ হ’ব বুলিও ঘোষণা কৰে।
ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওঁৰ পাৰস্পৰিক শুল্কৰ বিষয়টো উল্লেখ কৰি কয় যে এই শুল্ক ২ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব। তেওঁ বিদেশৰ পৰা আমদানিৰ ওপৰত একে শুল্ক আৰোপ কৰিব বিচাৰে, যিদৰে উক্ত ৰাষ্ট্ৰসমূহে আমেৰিকাৰ ৰপ্তানিৰ ওপৰত আৰোপ কৰে।