স্নাতকোত্তৰ চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা NEET-PG পৰীক্ষাৰ দিন ঘোষণা কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এন টি এ)ই। সংস্থাটোৱে জানিব দিয়া অনুসৰি অহা ১১ আগষ্ট (দেওবাৰ)ত অনুষ্ঠিত হ’ব পৰীক্ষা।
সংস্থাটোৰ এক বিবৃতিত এই পৰীক্ষা দুটা শ্বিফটত অনুষ্ঠিত কৰা হ’ব বুলি জনোৱা হৈছে।
উল্লেখ্য যে শেহতীয়াকৈ NEET-PG পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে উত্তাল হৈ পৰিছিল সমগ্ৰ দেশ। পৰীক্ষাত বিসংগতিৰ অভিযোগ তুলি প্ৰতিবাদ মুখৰ হৈ পৰিছিল শিক্ষাৰ্থী সমাজ আৰু বিৰোধী শিবিৰ। তীব্ৰ প্ৰতিবাদৰ পিছতেই স্থগিত ৰাখিছিল এই পৰীক্ষা।
ইয়াৰ পিছতেই যোৱা ২৩ জুনত NEET-PG পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পৰীক্ষা আৰম্ভ হোৱাৰ মাত্র কিছু সময় পূর্বে মেডিকেল স্নাতকোত্তৰ স্তৰৰ এই প্রৱেশিকা পৰীক্ষা স্থগিত বখাৰ সিদ্ধান্ত লৈছিল NTA-ই।
বহু প্ৰতিবাদ বিতৰ্কৰ পিছতেই এতিয়া এই পৰীক্ষা অহা আগষ্ট মাহত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰা হৈছে আৰু এইবাৰ যাতে সুকলমে এই পৰীক্ষা অনুষ্ঠিত হৈ সেয়া আশা কৰিছে পৰীক্ষাৰ্থীসকলে।