১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা চেম্পিয়নছ ট্ৰফীৰ চূড়ান্ত মেচখন ৯ মাৰ্চত অনুষ্ঠিত হ’ব। আই চি চিৰ অন্যতম সন্মানীয় এই প্ৰতিযোগিতাখনৰ পৰা ইতিমধ্যেই বাহিৰ হৈছে আয়োজক দেশ পাকিস্তান। নিৰাপত্তাৰ দোহাৰি দি পাকিস্তান ভ্ৰমণ নকৰাৰ সিদ্ধান্ত লোৱা ভাৰতে প্ৰতিযোগিতাখনৰ আটাইকেইখন মেচ খেলিছে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত।
ভাৰতে পাকিস্তান ভ্ৰমণ নকৰাৰ বাবে লোকচানৰ সন্মুখীন হোৱা পাকিস্তানী ক্ৰিকেট অনুৰাগীয়ে আশা কৰিছিল অন্ততঃ পাকিস্তানৰ ভূমিতে অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ ফাইনেল মেচখন। কিন্তু ভাৰতে ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে সেই আশাও নিৰ্বাপিত হয় পাকিস্তানীৰ।
প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বেই আই চি চি, বি চি চি আই আৰু পি চি বিৰ মাজত হোৱা চুক্তি অনুসৰি এতিয়া ৯ মাৰ্চত ডুবাইত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন। ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰত।
প্ৰায় ২৯ বছৰৰ মূৰত আই চি চিৰ টুৰ্ণামেণ্ট আয়োজন কৰিও কোনোধৰণৰ ফলপ্ৰসূ নোহোৱাৰ বেদনাৰ মাজতে এইবাৰ ফুটবল জগতৰ পৰা আহিছে আন এটা বেয়া খবৰ।
লাভ কৰা তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় ফুটবল সংস্থা ফিফাই পাকিস্তানৰ লগতে ৰাছিয়া আৰু কংগোক ২০২৬ বিশ্বকাপৰ পৰা নিষেধাজ্ঞা আৰোপ কৰিছে।
উল্লেখ্য যে, ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ তিনিখন দেশ ক্ৰমে আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ’ব। বিশ্বকাপ ইতিহাসত প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাখনত অংশ ল’ব ৪৮টা দলে। এই প্ৰতিযোগিতাখনৰ প্ৰস্তুতিৰ মাজতে ফিফাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি পাকিস্তানকে ধৰি আন দুখন ৰাষ্ট্ৰৰ নিষেধাজ্ঞা আৰোপ কৰিছে।
এতিয়া সবাটোকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে কিয় এই দেশ কেইখনক নিষিদ্ধ কৰা হ’ল
বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, পাকিস্তান ফুটবল ফেডাৰেচনে মুক্ত আৰু নিকা নিৰ্বাচনৰ নিশ্চয়তা প্ৰদান কৰা নতুন সংবিধান গ্ৰহণ কৰা নাছিল। আনহাতে ফিফা আৰু এছিয়ান ফুটবল কনফেডাৰেচনে (এ এফ চি) ইয়াক কাৰ্যকৰী কৰাৰ বাবে চৰ্ত নিৰ্ধাৰণ কৰিছিল।
আনহাতে ফিফা বিশ্বকাপ ২০২৬ৰ বাবে ৰাছিয়াই অৰ্হতাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই। দৰাচলতে প্ৰায় ৩ বছৰ পূৰ্বে ইউক্ৰেইন আক্ৰমণৰ পৰা আৰম্ভ কৰি ফিফা আৰু UEFA-এ উভয়ৰে অধীনত ৰাছিয়াৰ জাতীয় ফুটবল দলটোক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। গতিকে ৰাছিয়াৰ ওপৰত এই নিষেধাজ্ঞা অব্যাহত থাকিব।
ইয়াৰ উপৰি ফিফাই কংগো ফুটবল ফেডাৰেচন পৰিচালনাত তৃতীয় পক্ষৰ অবৈধ হস্তক্ষেপৰ কথা উল্লেখ কৰিছে। সেয়ে কংগো দেশখনকো এই প্ৰতিযোগিতাখনৰ পৰা বাহিৰ কৰা হৈছে।
উল্লেখ্য যে ফিফাৰ নিয়ম অনুসৰি ফুটবল প্ৰশাসনত বাহ্যিক প্ৰভাৱৰ অনুমতি দিয়া হোৱা নাই যদিও কংগোৱে সময়ৰ লগে লগে সমস্যাটো সমাধান কৰাত ব্যৰ্থ হৈছে। সেয়েহে এতিয়া ফিফাই কংগোক নিষিদ্ধ কৰিছে।