২০০৮ চনত আৰম্ভ হৈছিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। এই লীগখন এতিয়া বিশ্বৰ অন্যতম চহকী ক্ৰীড়া লীগ হিচাপে পৰিগণিত হৈছে।
আই পি এলৰ প্ৰথম ছিজনতো পাকিস্তানৰ বিৰুদ্ধে খেলা দেখা গৈছিল। কিন্তু ২০০৮ চনত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানী খেলুৱৈক এই লীগত খেলাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। কিন্তু আই পি এলৰ এইবাৰৰ ছিজনত পাকিস্তানী খেলুৱৈয়ে খেলা দেখা যাব পাৰে। এই তথ্য খেলুৱৈগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ মহম্মদ আমিৰে। তেওঁ আই পি এলত খেলাৰ ইচ্ছা প্ৰকাশ কৰিছে।
মহম্মদ আমিৰে প্ৰকাশ কৰিছে যে, ২০২৬ চনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেলাৰ যোগ্যতা অৰ্জন কৰিব আৰু সুযোগ পালে খেলত অংশগ্ৰহনৰ চেষ্টা কৰিব। আচলতে মহম্মদ আমিৰৰ পত্নী নাৰ্গিছ ব্ৰিটেইনৰ নাগৰিক। আমিৰ ব্ৰিটেইনতো থাকে। এনে পৰিস্থিতিত তেওঁ ব্ৰিটেইনৰ নাগৰিকত্বৰ বাবেও আবেদন কৰিছে। যদি তেওঁ নাগৰিকত্ব পায় তেন্তে, তেওঁৰ বাবে আই পি এল খেলাৰ দুৱাৰ মুকলি হ’ব।
মহম্মদ আমিৰে পাকিস্তানী শ্ব’ ‘হাৰণা মানা হ্যেয়’ত কয় যে অহা বছৰৰ ভিতৰত তেওঁ আই পি এলত খেলাৰ সুযোগ লব আৰু যদি সুযোগ পাই তেন্তে তেওঁ আই পি এলত নিশ্চয়কৈ অংশগ্ৰহন কৰিব।