ভাৰতীয় ক্ৰিকেট দলটোৱে ৰোহিত শৰ্মাৰ অধিনায়কত্বত টি-২০ বিশ্বকাপত খিতাপ অৰ্জন কৰাৰ লগতে চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ খিতাপ দখল কৰিবলৈও সক্ষম হয়। নিজৰ অধিনায়কত্বত টীম ইণ্ডিয়াৰ হৈ খিতাপ দখল কৰি সমগ্ৰ দেশবাসীক জয়ৰ সোৱাদ দিবলৈ সক্ষম হয় ৰোহিত শৰ্মাই।
পিছে খিতাপ দখলৰ মাজতে আন এক খবৰে শংকিত কৰে ক্ৰিকেট অনুৰাগীসকলক। সেয়া হৈছে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পাছতেই ৰোহিত শৰ্মাই অৱসৰ ঘোষণা কৰিব পাৰে। কিন্তু চেম্পিয়নছ ট্ৰফী জয়ৰ পাছতে ৰোহিতে সকলো জল্পনা কল্পনা আৰু উৰাবাতৰিৰ অন্ত পেলাই এই বিষয়টো সন্দৰ্ভত বৰ্তমান সময়ত এই ফৰ্মেটৰ পৰা তেওঁ অৱসৰ নলয় বুলি এক স্পষ্ট মন্তব্য কৰে।
টীম ইণ্ডিয়া চেম্পিয়ন হোৱাৰ পিছত সংবাদমেলত ৰোহিতে বহু প্ৰশ্নৰ উত্তৰ দিয়ে। লগতে তেওঁ এই ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰা নাই বুলিও স্পষ্ট কৰি দিয়ে। ৰোহিতৰ এই মন্তব্যই ৰোহিতৰ অনুৰাগীসকলক যথেষ্ট সকাহ দিয়ে।