আমেৰিকাত পুনৰ লজ্জানত হ’ল পাকিস্তান। এগৰাকী শীৰ্ষ পাকিস্তানী কূটনীতিবিদক আমেৰিকাত প্ৰৱেশ কৰিব নিদিয়া ঘটনাই বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ‘বিতৰ্কিত ভিছা ৰেফাৰেন্স’ৰ বাবে প্ৰৱেশৰ পৰা কূটনীতিবিদজনক বঞ্চিত কৰা হয় বুলি জানিব পৰা গৈছে। মঙলবাৰে পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমে এই কথা জানিব দিয়ে।
খবৰ অনুসৰি তুৰ্কমেনিস্তানত থকা পাকিস্তানৰ ৰাষ্ট্ৰদূত কে কে ৱেগানে ব্যক্তিগত ভ্ৰমণৰ বাবে লছ এঞ্জেলছলৈ গৈ আছিল যদিও তাত উপস্থিত হোৱাৰ লগে লগে তেওঁক ৰখাই দিয়ে আমেৰিকাৰ ইমিগ্ৰেশ্যন বিষয়াই।
আমেৰিকান কৰ্তৃপক্ষই ‘বিতৰ্কিত ভিছা ৰেফাৰেন্স’ৰ বাবে ৱেগানক তৎক্ষণাত বিতাড়িত কৰে যদিও কি নিৰ্দিষ্ট উদ্বেগৰ বাবে আমেৰিকান কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছিল সেয়া স্পষ্ট নহয়।
মঙলবাৰে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে তেওঁলোকৰ বিষয়াই ব্যক্তিগত ভ্ৰমণৰ বাবে আমেৰিকা ভ্ৰমণ কৰিছিল। বৈদেশিক কাৰ্যালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে বৈদেশিক মন্ত্ৰালয়ে দূতজনক আমেৰিকাৰ পৰা বিতাড়িত কৰাৰ বিষয়টোৰ তদন্ত কৰি আছে।