আম আদমি পাৰ্টি চমুকৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে পঞ্জাৱৰ লুধিয়ানাত জনসাধাৰণক সম্বোধন কৰি কেইবাটাও ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্জাৱৰ প্ৰতিখন গাঁৱতে একোটাকৈ জিম স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
তেওঁ কয়, ‘আমি পঞ্জাৱৰ প্ৰতিখন গাঁৱতে জিম নিৰ্মাণ কৰিম যাতে যুৱক-যুৱতীসকলে নিজৰ স্বাস্থ্যৰ ওপৰত মনোনিৱেশ কৰি ড্ৰাগছ আসক্তি দূৰ কৰিব পাৰে। নিচাৰ পৰা ওলাই আহি তেওঁলোকে জিমলৈ যাব লাগে, খেল খেলিব লাগে আৰু সময় ভালদৰে কটাব লাগে। পঞ্জাৱ আৰক্ষীয়ে ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে যুঁজত নিজৰ কাম কৰি আছে, কিন্তু জনসাধাৰণৰ সমৰ্থনো প্ৰয়োজনীয়।’
অৰবিন্দ কেজৰিৱালে এটা ফোন নম্বৰ মুকলি কৰি জনসাধাৰণক আহ্বান জনায় যে যদি কোনো লোকৰ হাতত ড্ৰাগছ বিক্ৰেতা বা ড্ৰাগছ সৰবৰাহকাৰীৰ বিষয়ে কিবা তথ্য আছে তেন্তে তেওঁলোকে ফোন বা হোৱাটছএপ কৰি খবৰ দিব পাৰিব।
কেজৰিৱালে তথ্যদাতাৰ পৰিচয় গোপনে ৰখা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি কয় যে, আপোনালোকৰ স্থানীয় অঞ্চলত থকা ড্ৰাগছ বেপাৰীৰ নাম প্ৰকাশ কৰাটো আপোনাৰ দায়িত্ব। ৯৭৭৯১০০২০০ নম্বৰত প্ৰদান কৰক তথ্য।’
আপৰ আহ্বায়কগৰাকীয়ে আৰু কয়, ‘১ এপ্ৰিলৰ পৰা ড্ৰাগছ সেৱনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হ’ব। পঞ্জাৱৰ প্ৰতিটো ঘৰতে ড্ৰাগছ আসক্তৰ সংখ্যা জানিবলৈ ড্ৰাগছ পিয়ল কৰা হ’ব। আমি তেওঁলোকক নিচাৰ পৰা আঁতৰাই অনাত সহায় কৰিম।’
উল্লেখ্য যে, অলপতে অনুষ্ঠিত হোৱা দিল্লী বিধানসভা নিৰ্বাচনত শোচনীয়ভাৱে পৰাস্ত কৰা পিছত দলটোৰ প্ৰধান অৰবিন্দ কেজৰিৱালে পঞ্জাৱত অধিীক মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে।