আদালতে বেছিভাগ বিবাহ বিচ্ছেদ স্বামী-স্ত্ৰীৰ পাৰস্পৰিক সন্মতি নাইবা কোনো এজন হাৰাশাস্তি হোৱাৰ ভিত্তিত দিয়া হয়। কিন্তু তামিলনাডুৰ পৰা বিবাহ বিচ্ছেদৰ এক বিপৰীত খবৰ আহিছে, য’ত এগৰাকী পত্নীয়ে পৰ্ণগ্ৰাফিক ভিডিঅ’ চোৱাৰ বাবে স্বামীয়ে আদালতত বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিছিল।
এই গোচৰৰ শুনানি গ্ৰহণ কৰি মাদ্ৰাছ উচ্চ ন্যায়ালয়ে কয়, ‘পত্নীয়ে অশ্লীল ভিডিঅ’ চোৱাটো বিবাহ বিচ্ছেদৰ ভিত্তি হ’ব নোৱাৰে।’
জানিব পৰা অনুসৰি, এগৰাকী ব্যক্তিয়ে নিম্ম আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে মাদ্ৰাছ উচ্চ ন্যায়ালয়ত দাখিল কৰা গোচৰৰ শুনানিত উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে। উচ্চ ন্যায়ালয়ে কয়, ‘মহিলাসকলৰো হস্তমৈথুন কৰাৰ অধিকাৰ আছে আৰু বিয়াৰ পিছত যৌন আচৰণৰ বিষয়ে হেঁচা বা বৈষম্য নোহোৱাকৈ মুক্তভাৱে সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে সেয়ে পৰ্ণগ্ৰাফী চোৱাটো বিবাহ বিচ্ছেদৰ ভিত্তি হ’ব নোৱাৰে।’
আদালতে এই মন্তব্য কৰি বিবাহ বিচ্ছেদ দিয়াৰ পৰা বিৰত থাকে।
উল্লেখ্য যে, তামিলনাডুৰ এগৰাকী ব্যক্তিয়ে অভিযোগ দাখিল কৰিছিল যে তেওঁৰ পত্নীয়ে অশ্লীল ভিডিঅ’ চোৱাৰ সময়ত হস্তমৈথুন কৰাৰ আসক্ত হৈ পৰিছিল। এই আবেদনক নাকচ কৰি আদালতে শুনানি গ্ৰহণ কৰি কয় যে ‘আত্মসুখ কোনো নিষিদ্ধ ফল নহয়।’
আদালতে নিজৰ ৰায়দানত কয় যে, ‘যেতিয়া পুৰুষৰ মাজত হস্তমৈথুনক সাৰ্বজনীন বুলি গণ্য কৰা হয়, তেতিয়া মহিলাৰ হস্তমৈথুনক কলংকিত কৰিব নোৱাৰি।’
মাদ্ৰাজ উচ্চ ন্যায়ালয়ে যুক্তি দিছিল যে পৰ্ণগ্ৰাফীৰ আসক্তি বেয়া আৰু ইয়াক নৈতিকভাৱে ন্যায্যতা প্ৰদান কৰিব নোৱাৰি যদিও ই বিবাহ বিচ্ছেদৰ আইনী ভিত্তি নহয়।