এতিয়াৰ পৰা সামান্য ভুল কৰিলেই যাব লাগিব জে’ললৈ, লগতে ভৰিব লাগিব কেইবাহাজাৰ টকাৰ জৰিমনা।পথ সুৰক্ষা বৰ্তমানৰ সমাজখনত এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।
বিভিন্ন কাৰণত সংঘটিত হোৱা পথ দুৰ্ঘটনাত দৈনিক দেশৰ যথেষ্ট লোকৰ প্ৰাণহানি হয়। পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন চালকসকলক নিয়ন্ত্ৰণ কৰাৰ অৰ্থে ৰাজ্য চৰকাৰে ধাৰ্য কৰিছে কেইবাটাও নতুন নিয়ম।
আপোনাৰ এটা ভুলেই মাতিব পাৰে বিপদ। সামান্য ভুল কৰিলেই যাব লাগিব জে’ললৈ, ইয়াৰ উপৰিও ভৰিব লাগিব ২৫০০০ টকাৰ জৰিমনা। এতিয়াৰে পৰা বাহন চলাওতে অধিক সাৱধান হ’ব লাগিব চালক।
এই নিয়মসমূহ হ’ল-
- সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা।
- লাইচেন্স নোহোৱাকৈ গাড়ী চলালে ৫০০০ টকাৰ জৰিমনা।
- দুচকীয়া বাহনত ৩ জন উঠিলে ১০০০ টকাৰ জৰিমনা।
- হেলমেট নোহোৱাকৈ গাড়ী চলালে ১৫০০০ টকাৰ জৰিমনাৰ লগতে ৩ মাহলৈ বাতিল হ’ব লাইচেন্স।
- তীব্ৰগতিত গাড়ী চলালে ভৰিব লাগিব ২০০০ টকাৰ জৰিমনা।
- বিপজ্জনকভাৱে গাড়ী চলালে ৫০০০ টকাৰ জৰিমনা।
- ইঞ্চুৰেন্স নোহোৱাকৈ গাড়ী চলালে ২০০০ টকাৰ জৰিমনা।
- মোৱাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে ৫০০০ টকাৰ জৰিমনা।
- কয় বয়সৰ লৰা-ছোৱালীয়ে গাড়ী চলালে ২৫ হাজাৰ টকাৰ জৰিমনা, ইয়াৰ লগতে বাতিল কৰা হ’ব পঞ্জীয়ন। ইয়াৰ উপৰিও জে’ললৈ যাবলগীয়া হ’ব পাৰে অভিভাৱক।
- পূৰ্বৰ তুলনাত আইন উলংঘাকাৰীৰ বিৰুদ্ধে ১০ গুণ জৰিমনা বৃদ্ধি।