পৰিৱেশ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বজুৰি পালন কৰা হয় আৰ্থ আৱাৰ বা ধৰিত্ৰী ঘণ্টা। পৰিৱেশ পৰিবৰ্তনৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ সকলোকে উৎসাহিত কৰাৰ উদ্দেশ্যে আজি অৰ্থাৎ ২২ মাৰ্চত সমগ্ৰ দেশতে পালন কৰা হব ধৰিত্ৰী ঘণ্টা।
ৱৰ্ল্ডৱাইড ফাণ্ড ফৰ নেচাৰৰ উদ্যোগত আয়োজিত হ’ব এই ধৰিত্ৰী ঘণ্টা। যাৰ বাবে আজি এঘণ্টাৰ বাবে অন্ধকাৰত ডুবিব ৰাজ্য চৰকাৰ। ই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ৰাজ্যবাসীলৈ বিশেষ আহ্বান চৰকাৰৰ।
অপ্ৰয়োজনীয় বৈদ্যুতিক ছুইছসমূহ বন্ধ ৰখাৰ আহ্বান কৰিছে ৰাজ্য চৰকাৰে।আজি নিশা এঘণ্টাৰ বাবে ঘৰৰ লাইটসমূহ বন্ধ কৰি ৰখাৰ আহ্বান চৰকাৰৰ। নিশা ৮.৩০ বজাৰ পৰা নিশা ৯.৩০ বজালৈ অপ্ৰয়োজনীয় বিজুলী বাতি বন্ধ ৰখাব নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে।
এই বাৰ্ষিক পদক্ষেপে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰা আৰু শক্তি-দক্ষ পদ্ধতিসমূহক প্ৰসাৰিত কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ প্ৰতীক হিচাপে কাম কৰে। বিদ্যুৎ সংৰক্ষণে সামূহিকভাৱে অধিক বহনক্ষম ভৱিষ্যতৰ বাবে অৰিহণা যোগাব বুলিয়েই অসম চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে।